দেৰগাঁৱৰ আজাদ পুস্তকালয় পুনৰ গঢ়ি তোলাৰ সপোন আছিল কাব্যঋষি নীলমণি ফুকনৰ
নিয়মীয়া বাৰ্তা, ২০জানুৱাৰী: দেৰগাঁৱত ১৯৪৬ চনত স্থাপন হোৱা আজাদ পুস্তকালয়ৰ পৰাই জ্ঞানপীঠ বঁটা বিজয়ী কবি নীলমণি ফুকনৰ বৌদ্ধিক সাধনাৰ সাফল্যৰ যাত্ৰা আৰম্ভ হৈছিল। অন্যতম প্ৰতিষ্ঠাপক নীলমণি ফুকনে প্ৰতিষ্ঠা কৰা এই পুস্তকালয়ৰ পৰাই ১৯৪৮ চনত প্ৰথম হাতেলিখা আলোচনী জ্যোতি তেওঁৰে সম্পাদনাত প্ৰকাশ পাইছিল। বহু বৰেণ্য লেখকৰ লিখনীৰে সমৃদ্ধ জ্যোতি আলোচনীৰ ছপা আকাৰে দ্বিতীয় সংখ্যা প্ৰকাশ পাইছিল ১৯৪৯ চনত। আজাদ পুথিভঁৰালে বৃহত্তৰ দেৰগাঁৱৰ শিক্ষা, সাহিত্য আৰু বৌদ্ধিক বাতাবৰণ গঢ়ি তোলাৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰিছিল। কিন্তু বিভিন্ন কাৰণত বহুত বছৰ ধৰি এই পুথিভঁৰালটো নিষ্ক্ৰিয় হৈ আছিল । এই পুথিভঁৰালটো পুনৰ গঢ়ি তোলাটো কাব্য ঋষিৰ জীৱনৰ শেষ সপোন আছিল। অৱশেষত সেই সপোন পূৰণ হ’ল। এইক্ষেত্ৰত অন্যতম ভূমিকা লোৱা শিক্ষক, সমাজকৰ্মী ৰাজেন পূজাৰীকো ধন্যবাদ জনাই কবিয়ে তেওঁৰ কিবা সহায় লাগিলে কবলৈ কৈছিল। জীৱনত মানুহক যিমান পৰা যায় সিমান সহায় কৰিব লাগে। মানুহে জীৱনত মানসিক সন্তোষ্টি লভে । এই পৰামৰ্শও কাব্য ঋষিয়ে দিছিল। উল্লেখযোগ্য যে, বৰ্তমান কেইজনমান ব্যক্তিৰ প্ৰচেষ্টাত আজাদ পুস্তকালয়ৰ অৱস্থা ভাল । সহস্ৰাধিক গ্ৰন্থৰে পৰিপূৰ্ণ এটা পুথিভঁৰাল।