নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নাৰায়ণপুৰত যুৱকৰ ৰহস্যজনক মৃত্যু;  মাতৃৰ পৰকীয়া প্ৰেমিকৰ বিৰুদ্ধে হত্যাৰ অভিযোগ 

নিয়মীয়া বাৰ্তা, ২০জানুৱাৰী: ভোগালী বিহু খাবলৈ আহি হোষ্টেললৈ পুনৰ ঘুৰি যাব নোৱাৰিলে নাৰায়ণপুৰৰ এজন মেধাবী ছাত্ৰ ৷ নাৰায়ণপুৰৰ কলেজ তিনিআলিৰ ৰাকেশ ৰোচন বৰা (২০) নামৰ ছাত্ৰজনৰ যোৱা নিশা ৰহস্যজনকভাৱে মৃত্যু ঘটে ৷ ৰাকেশ ৰোচন বৰাৰ মৃত্যু এক পৰিকল্পিত হত্যাকাণ্ড বুলি অভিহিত কৰি আত্মীয়ই খোদ মাতৃ আৰু পৰকীয়া প্ৰেমিকৰ বিৰুদ্ধে হত্যাৰ অভিযোগ উত্থাপন কৰিছে ৷  নাৰায়ণপুৰৰ মাধৱদেৱ বিশ্ববিদ্যালয়ৰ সমীপৰ প্ৰয়াত কৃষ্ণ বৰাৰ জ্যেষ্ঠ পুত্ৰ ৰাকেশৰ মৃতদেহ যোৱা নিশা নিজ গৃহত ৰহস্যজনকভাবে উদ্ধাৰ হয় । ঘটনাৰ পিছতে মাতৃ আৰু আত্মীয় লোকে নাৰায়ণপুৰ আদৰ্শ চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসকে মৃত ঘোষণা কৰে । মৃত ৰাকেশ ৰোচন বৰাই তেজপুৰত বি ফাৰ্ম পঢ়ি আছিল আৰু ভোগালী বিহুত ঘৰলৈ আহিছিল ৷ মৃত ছাত্ৰজনৰ মোমায়েক আৰু পৰিয়ালৰ লোকে ই এক পৰিকল্পিত হত্যাকাণ্ড দাবী কৰিছে ৷ মোমায়েক ৰিংকু বৰাই  হত্যাকাণ্ডত বায়েক তথা ৰাকেশৰ মাতৃ বিনীতা বৰাৰ লগতে পৰকীয়া প্ৰেমিক তথা দেউৰী স্বায়ত্ব শাসিত পৰিষদৰ নৱনিৰ্বাচিত সদস্য বীৰেন দেউৰী আৰু এজন চালক জড়িত থকাৰ অভিযোগ উত্থাপন কৰি নাৰায়ণপুৰ থানাত গোচৰ তৰিছে । উল্লেখ্য যে অভিযুক্ত বীৰেন দেউৰী ১৭ নং কাছিকটা পৰিষদীয় সমষ্টিৰ পৰা জেপিপি দলৰ প্ৰাৰ্থী হিচাপে নিৰ্বাচিত হৈ পৰৱৰ্তী সময়ত বিজেপি দলত চামিল হৈছিল । পৰিয়ালৰ লগতে স্থানীয় ৰাইজে উক্ত হত্যাকাণ্ডৰ উচিত তদন্তৰ লগতে দোষীৰ দৃষ্টান্তমূলক শাস্তিৰ দাবী জনাইছে ।
প্ৰেৰক | সমীন শইকীয়া 
You might also like