নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীৰ বিদ্যাপাৰা ভাটিগাঁৱত ই–ৰিক্সাৰ পৰা ইউৰিয়া সাৰৰ বস্তা উদ্ধাৰ আৰক্ষীৰ

নিয়মীয়া বাৰ্তা, ৩০ মে’:  ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ উপৰিও ধুবুৰী জিলাতো চুবুৰীয়া পশ্চিমবংগৰ সাৰৰ অৱৈধ বেহাৰ সৈতে জড়িত এক চক্ৰ সক্ৰিয় হৈ থকা বুলি সময়ে সময়ে সন্দেহ উত্থাপিত হৈ আহিছে। উত্থাপিত সেই সন্দেহ সত্য বুলি প্ৰমাণিত কৰি যোৱানিশা ধুবুৰীৰ এমকো ৰোড বজাৰ আৰক্ষী চকীৰ এটি আৰক্ষীৰ দলে চাৰিখন ই–ৰিক্সাৰ পৰা মুঠ ৩৮ বস্তা ইউৰিয়া সাৰ জব্দ কৰাৰ এক ঘটনা পোহৰলৈ আহিছে।

জানিব পৰা মতে, গোপন তথ্যৰ ভিত্তিত যোৱা নিশা এমকো ৰোড বজাৰ আৰক্ষী চকীৰ এটি দলে চহৰখনৰ গাতে লাগি থকা বিদ্যাপাৰা ভাটিগাওঁ অঞ্চলৰ ৰাজপথেদি গৈ থকা চাৰিখন ই–ৰিক্সাৰ পৰা ইউৰিয়া সাৰৰ বস্তা কেইটা জব্দ কৰে। ইপিনে দলটোক দেখি ই–ৰিক্সা কেইখনৰ চালক কেইগৰাকী পলাই–পত্ৰং দিয়া বুলি আৰক্ষী সূত্ৰে প্ৰকাশ। বৰ্তমানে বিষয়টো সন্দৰ্ভে আৰক্ষীৰ তদন্ত আৰম্ভ হোৱা বুলি জানিব পৰা গৈছে। ইপিনে আৰক্ষীয়ে জব্দ কৰা ইউৰিয়া সাৰৰ বস্তাবোৰত বঙালীত ‘‘ফসল ইউৰিয়া’’ বুলি থকাৰ পৰিপ্ৰেক্ষিতত সেই সাৰৰ বস্তাবোৰ চুবুৰীয়া পশ্চিমবংগৰ পৰা অনা হৈছে নেকি বুলি এক প্ৰশ্নৰ জন্ম দিছে। সমান্তৰালকৈ জিলাখনৰ কৃষি বিভাগৰ কাৰ্যালয়ে দৰাচলতে কেতিয়াও ধুবুৰী জিলাত সাৰৰ এই চোৰাং বেহা ৰোধৰ কৰাৰ বাবে অন্তঃকৰণে কেতিয়াও প্ৰচেষ্টা নকৰাৰো অভিযোগ উঠিছে।

You might also like