ধুবুৰী চহৰৰ মাজমজিয়াৰ যোগমায়া মন্দিৰত থকা ই-ৰিক্সাৰ বেটেৰী-চাৰ্জাৰ চুৰি
- চুৰি সামগ্ৰী লৈ যোৱাৰ দৃশ্য বন্দী হ’ল কাষৰে ডায়েগনষ্টিক চেন্টাৰৰ চিচিটিভি কোমেৰাত
নিয়মীয়া বাৰ্তা, ২৪ মে’: যোৱা নিশা ধুবুৰী চহৰৰ মাজমজিয়াৰ যোগমায়া মন্দিৰৰ চৌহদত ৰখা তিনিটাকৈ ই-ৰিক্সাৰ চাৰিটাকৈ বেটাৰীকে ধৰি সেই কেইখনৰ তিনিটাকৈ চাৰ্জাৰ চুৰি হোৱাৰ ঘটনা পোহৰলৈ আহিছে। চোৰে মন্দিৰটোৰ হাতে লাগি থকা এখন ইলেক্ট্ৰিচিয়ান এগৰাকীৰ দোকানৰ পৰা মেৰামতি বাবে দিয়া এটা অ’লটাৰনেট নামৰ এবিধ ইলেক্ট্ৰকিল সামগ্ৰীও চুৰি কৰা বুলিও জানিব পৰা গৈছে। আনকি চোৰে যোগমায় মন্দিৰৰ হাতে লাগি থকা আন এখন সোন-ৰূপৰ আ-অলংকাৰৰ দোকানৰ পিছফালৰ টিনপাতৰ বেৰ ভাঙি দোকানৰ ভিতৰত থকা ল’কাৰ ভাঙিবলৈ চেষ্টা কৰে যদিও ব্যাৰ্থ হোৱা বুলিয়েই প্ৰকাশ। ইপিনে চোৰে কিদৰে যোৱানিশা মন্দিৰটোৰ একাষৰ পকী বেৰ পাৰ হৈ চুৰি কৰা সামগ্ৰী কাষৰে এটা উপপথেৰে লৈ গৈছিল তাৰ সমগ্ৰ দৃশ্যৱলী সেই ফালে থকা এটা ব্যক্তিগত খণ্ডৰ ডায়েগনষ্টিক চেন্টাৰৰ চিচিটিভি কোমেৰাত বন্দী হোৱা বুলি জানিব পৰা গৈছে। সেই দৃশ্যাবলীত চোৰ এটাই চুৰি কৰা কোনো সামগ্ৰী হাতত লৈ মূল পথ পাৰ হৈ সন্মুখৰ সেই উপপথটোত প্ৰৱেশ কৰাৰ পিছ মূহুর্তত এখন আৰক্ষীৰ নীলা লাইট লগোৱা জাতীয় বাহন অকষ্মাতে সেই পথচোৱাত আহি উভতি যোৱাৰ এক দৃশ্য থকা বুলিও প্ৰকাশ। উল্লেখ্য যে, শেহতীয়াকৈ ধুবুৰী চহৰৰ কেইবাটাও মন্দিৰ আৰু ব্যৱসায়িক প্ৰতিষ্ঠানত চুৰি কাৰ্য্য সংঘটিত হৈছে যদিও বৰ্তমানলৈ এটা চুৰিকাণ্ডৰো সমাধান উলিয়াবলৈ সক্ষম হোৱা নাই আৰক্ষীয়ে।
অমিতাভ চক্ৰৱৰ্তী, ধুবুৰী