নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাঁও–কার্বি আংলং সীমান্তত অব্যাহত বনধ্বংস অভিযান

নিয়মীয়া বার্তা, ১৭ মেঃ মহামাৰী ক’ৰোনাক কেন্দ্র কৰি প্রযোজ্য হৈ থকা নৈশ সান্ধ্য আইনৰ মাজতে চোৰাং কাঠৰ সৰবৰাহ অব্যাহত আছে কার্বি আংলং জিলাৰ সংৰক্ষিত বনাঞ্চলৰ পৰা৷ নগাঁও আৰু কার্বি আংলং জিলাৰ সীমামূৰীয়া উত্তৰ–পশ্চিম পার্কুপ পাহাৰ আঞ্চলিক বন বিষয়াৰ কার্যালয়ৰ অন্তর্গত কার্বি আংলং জিলাৰ পৰা নিতৌ চোৰাংভাৱে সৰবৰাহ হৈছে মূল্যৱান কাঠ৷

কার্বি আংলং জিলাৰ পার্কুপ পাহাৰ ৰেঞ্জ কার্যালয় আৰু বৰজুৰি খণ্ড বন বিষয়াৰ কার্যালয়ৰ একাংশ দুর্নীতিগ্রস্ত বন বিষয়া, কর্মচাৰীৰ সহযোগত চোৰাং কাঠৰ বেহা অব্যাহত আছে৷ কেইদিনমান পূর্বে শালনা আঞ্চলিক বন বিষয়াৰ কার্যালয়ৰ অধীনৰ চাপানালা খণ্ড বন বিষয়াৰ কার্যালয়ৰ কর্মচাৰীয়ে পার্কুপ পাহাৰৰ পৰা অনা চোৰাং কাঠ পুৰণিগুদাম অঞ্চলৰ জলাহগাঁৱত জব্দ কৰাৰ পাছত পৰহি নিশা শালনা ৰেঞ্জৰ বিষয়া–কর্মচাৰীয়ে চোৰাং কাঠ জব্দ কৰিবলৈ সক্ষম হয়৷ পার্কুপ পাহাৰৰ পৰা সৰবৰাহ কৰি জমা কৰি থোৱা অৱস্থাতে বন বিভাগে জব্দ কৰিবলৈ সক্ষম হয় বৃহৎ পৰিমাণৰ কাঠ৷ শালনা আঞ্চলিক বন বিষয়া নেপাল মণ্ডলে জনোৱা মতে, নগাঁও আৰু কার্বি আংলং জিলাৰ সীমামূৰীয়া পাহাৰগুৰিৰ পৰা আনি থকা অৱস্থাত লক্ষাধিক টকাৰ চোৰাং কাঠ জব্দ কৰিবলৈ সক্ষম হয়৷বন বিভাগৰ সূত্রই জনোৱা মতে, পার্কুপ পাহাৰৰ সংৰক্ষিত বনাঞ্চলৰ পৰা চোৰাং কাঠৰ ফাণ্টাখিনি সৰবৰাহ কৰি পাহাৰগুৰিত জমা কৰি ৰাখিছিল৷

অভিযোগ মতে, কার্বি আংলং জিলাৰ পার্কুপ পাহাৰ আৰু বৰজুৰি চেগুন বাগানৰ পৰা প্রতিনিশাই চাইকেল আৰু টাটা ম’বাইল গাডীত চোৰাং কাঠৰ কুণ্ডা আৰু ফাণ্টা সৰবৰাহ হৈ আহিছে৷ ৰহস্যজনক বিষয় যে চোৰাং কাঠসমূহ পাহাৰীয়া জিলাখনৰ মাজেৰে আহিলেও কার্বি আংলঙৰ বন বিভাগৰ নজৰত নপৰে, ইয়াৰ বিপৰীতে জব্দ হয় নগাঁও বন বিভাগৰ হাতত৷ অভিযোগ মতে, পার্কুপ পাহাৰ ৰেঞ্জৰ অধীনৰ বনাঞ্চলসমূহ চোৰাং কাঠ বেপাৰীয়ে কাটি তহিলং কৰাৰ পাছতো ধৃতৰাষ্ট্রৰ ভাও ধৰি আছে সংশ্লিষ্ট বন বিষয়া–কর্মচাৰীয়ে ৷ আনহাতে,বন বিভাগে জব্দ কৰা চোৰাং কাঠসমূহ শালনা বনাঞ্চলিক কার্যালয়ত ৰাখিছে বুলি জানিব পৰা গৈছে৷

You might also like