নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাঁৱত মাইক্ৰ’ফাইনেন্সৰ চেক বিতৰণ

নিয়মীয়া বাৰ্তা, ১০ এপ্ৰিল : অসম চৰকাৰৰ বিত্ত বিভাগ আৰু নগাঁও জিলা প্ৰশাসনৰ উদ্যোগত খাগৰিজান উন্নয়ন খণ্ড আৰু পাখিমৰীয়া উন্নয়ন খণ্ডৰ অন্তৰ্গত নিয়মীয়াকৈ ঋণ পৰিশোধ কৰা প্ৰথম শ্ৰেণীৰ প্ৰায় ৭৩০০ গৰাকী হিতাধিকাৰীক আজি “অসম মাইক্ৰ’ফাইনেন্স উদগনি আৰু সকাহ আঁচনি ২০২১”ৰ উদগনিমূলক সাহাৰ্য্যৰ চেক নগাঁৱৰ বিধায়ক ৰূপক শৰ্মাই আনুষ্ঠানিকভাৱে প্ৰদান কৰে। বিগত সময়চোৱাত একাংশ মহিলাই বিভিন্ন বেংকৰ পৰা ঋণ লৈ নিয়মীয়াকৈ পৰিশোধ কৰি অহাৰ মাজতেই পৰবৰ্তী সময়ত বিভিন্ন অসুবিধাৰ বাবে ঋণ পৰিশোধ কৰাত অপৰাগ হৈছিল।তেনে মহিলা সকলক বিপদৰ পৰা উদ্ধাৰ কৰাৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। উল্লেখযোগ্য যে, মুখ্যমন্ত্ৰীৰ প্ৰচেষ্টাত অসম মাইক্ৰ’ফাইনেন্স উদগনি আৰু সকাহ আঁচনি”ৰ অধীনত মাইক্ৰফাইনেন্সৰ পৰা ঋণ লৈ ঋণ পৰিশোধ কৰাত অপৰাগ হোৱা বিপদাগ্ৰস্ত মহিলাসকল নগদ ধনৰ চেক পৰ্যায়ক্ৰমে প্ৰদান কৰি আহিছে। নগাঁৱৰ খাগৰিজান উন্নয়ন খণ্ড আৰু পাখিমৰীয়া খণ্ড হিতাধিকাৰী সকলক আজি শেনছোৱা অমৰ বৰকাকতি হাইস্কুল খেলপথাৰত অনুষ্ঠিত হোৱা “অসম মাইক্ৰ’ফাইনেন্স উদগনি আৰু সকাহ আঁচনি”ৰ অধীনত হিতাধিকাৰী সকলক চেক প্ৰদান কৰো। চেক বিতৰণ কাৰ্যসূচীত অতিৰিক্ত উপায়ুক্ত মনোৰঞ্জন পায়েং,খাগৰিজান উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া অভিজিৎ চক্ৰৱৰ্তী, পাখিমৰীয়া উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া দীনেশ পেগু প্ৰমুখ্যে পঞ্চায়তৰ প্ৰতিনিধি সকল উপস্থিত থাকে।

প্ৰেৰকঃ কনক হাজৰিকা নগাঁও

You might also like