নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাঁৱৰ ৭খনকৈ বীজ ফার্মে ব্যর্থতা উদঙাইছে কৃষি বিভাগৰ; ছন পৰি ৰৈছে বৃহৎ পৰিমাণৰ কৃষিভূমি

নিয়মীয়া বাৰ্তা, ২৭ ফেব্ৰুৱাৰীঃ কৃষিপ্রধান জিলা হিচাপে পৰিচিত নগাঁৱৰ কৃষক ৰাইজে উন্নতমানৰ কৃষি বীজৰ বাবে প্রতিটো ঋতুতে হাবাথুৰি খাবলগীয়া হয়৷ ৰাজ্য চৰকাৰৰ কৃষি বিভাগৰ পৰা প্রয়োজনীয় কৃষি বীজ নাপায় কৃষক ৰাইজে৷ বজাৰৰ পৰা উচ্চ নিৰিখত এই কৃষি বীজ ক্রয় কৰিব লাগে৷ কিন্তু সম্প্রতি বজাৰসমূহত ভেজাল বীজ ভৰি পৰাত কৃষক ৰাইজে চকুৰে ধোঁৱাকোৱা দেখিবলগীয়া হৈছে৷ কৃষিপ্রধান জিলাখনৰ কৃষক ৰাইজৰ সুবিধার্থে জিলাখনৰ ভিন্ন প্রান্তত ছয়খনকৈ কৃষি বীজ ফার্ম স্থাপন কৰা হৈছিল যদিও চৰকাৰৰ কৃষি বিভাগৰ চৰম অকর্মণ্যতাৰ বাবেই আটাইকেইখন কৃষি বীজ ফার্মেই মৃত্যুমুখত পৰে৷

চৰকাৰী অৱহেলাৰ বাবেই মৃত্যুমুখত পৰি নিশ্চিহ্ণ হোৱা ৰাজ্যৰ কৃষি বিভাগৰ এই বীজ ফার্মকেইখন হ’ল বটদ্রৱা কৃষি চক্রৰ অন্তর্গত বটদ্রৱা বীজ ফার্ম, কামপুৰ কৃষি চক্রৰ অন্তর্গত কলাইখোৱা বীজ ফার্ম, কঁঠালগুৰি বীজ ফার্ম, কঠীয়াতলীৰ কঠীয়াতলী বীজ ফার্ম, লালুংগাঁও বীজ, চামগুৰি কৃষি চক্রৰ বৰমা বীজ ফার্ম৷ ৰাজ্য চৰকাৰৰ কৃষি বিভাগৰ চৰম অকমর্ণ্যতা, অদক্ষতাৰ বাবেই অপমৃত্যু ঘটে তাহানিৰ সেউজ কৃষি বীজ পাম ছয়খনৰ৷ সম্প্রতি গৰাকীবিহীন সম্পত্তিৰ দৰে ধোবাং বাং হৈ থকা কৃষি বীজ পাম দুখন চৰণীয়া পথাৰতহে পৰিণত হৈছে৷ ইয়াৰে কেইবাখনো চৰকাৰী বীজ ফার্মৰ চৰকাৰী ভূমিত অবাধ বেদখল অব্যাহত থকাত ইয়াৰ অস্তিত্বৰ প্রতি ভাবুকি কঢ়িয়াই আনিছে৷মৃত কৃষি বীজ ফার্মকেইখন সুদীর্ঘ বছৰ ধৰি গৰাকীবিহীন সম্পত্তিৰ দৰে পৰি থকাৰ পৰিপ্রেক্ষিতত একাংশ প্রভাৱশালী লোকে এই ফার্মৰ মাটি বেদখল কৰাৰ উপৰি এই বেদখলীকৃত চৰকাৰী ভূমি অন্য লোকক বিক্রী কৰাও পৰিলক্ষিত হৈছে৷ পৰিতাপৰ বিষয় যে ইয়াৰ পিছতো গা লৰা নাই অতুল বৰা নেতৃত্বাধীন ৰাজ্যৰ বিয়াগোম কৃষি বিভাগটোৰ৷

উল্লেখ্য যে জিলাখনৰ কঁঠালগুৰি কৃষি বীজ ফার্মৰ মুঠ মাটি কালি ২০ হেক্টৰ আৰু কলাইখোৱা বীজ পামত মুঠ মাটিকালি ৮ হেক্টৰ৷ অন্য কৃষি বীজ ফার্মকেইখনৰো মাটিকালি ৮ হেক্টৰৰ পৰা ২৫ হেক্টৰ পর্যন্ত৷ বৃহৎ পৰিমাণৰ মাটি থকা বীজ পামকেইখনত বছৰ বছৰ ধৰি কোনো চৰকাৰী আঁচনি ৰূপায়ণ কৰা হোৱা নাই৷ বীজ পামকেইখনৰ চৌহদৰ বেৰাসমূহ বেদখলকাৰীয়ে কাহানিবাই ভাঙি পেলোৱা পৰিলক্ষিত হৈছে৷ আটাইকেইখন বীজ ফার্মৰ ঘৰ–দুৱাৰ এতিয়া গৰাকীবিহীন সম্পত্তিৰ দৰে জহি–খহি উৱলি যোৱা পৰিলক্ষিত হৈছে৷ সেইসমূহত নাই কোনো তত্ত্বাৱধায়ক, ব্যৱস্থা নাই কোনো ৰখীয়াৰ৷ আন্তঃগাঁথনিৰ অৱস্থাও অতি পুতৌলগা ধৰণৰ৷কেৱল চৰকাৰী অৱহেলাৰ বাবেই অপমৃত্যু ঘটিল বহু সম্ভাৱনাপূর্ণ এই কৃষি বীজ ফার্মকেইখন৷ লাওখোৱা বীজ ফার্মখনো অস্তিত্বৰ গৰাহত পৰা পৰিলক্ষিত হৈছে৷ এই বীজ ফার্মখনৰ নামত ৫৮ বিঘা মাটি আছে৷ উল্লেখ্য যে পূর্বতে কঁঠালগুৰি বীজ পামত ব্যাপক পৰিমাণত কুঁহিয়াৰ উৎপাদন হোৱাৰ লগতে কলাইখোৱা বীজ পামতো পর্যাপ্ত পৰিমাণৰ ধান উৎপন্ন হৈছিল৷ জিলাখনৰ বহু কৃষকে ইয়াৰ পৰা উন্নতমানৰ বীজ সংগ্রহ কৰিব পাৰিছিল৷ কিন্তু বীজ পাম দুখনৰ মৃত্যুঘণ্টা বজাত তীব্র সমস্যাত পৰিছে কৃষক৷ চৰকাৰে কৃষি বিভাগৰ ব্যাপক উন্নয়নৰ শ্লোগান দি থকাৰ সময়তে ছয়খনকৈ বীজ পাম মৃত্যুমুখলৈ গতি কৰাত কৃষি বিভাগৰ প্রকৃত ছবিখন উদঙাই তুলিছে বুলি মন্তব্য কৰিছে সংশ্লিষ্ট অঞ্চলৰ কৃষক ৰাইজে৷

ইপিনে, নগাঁও জিলা কৃষি বিভাগৰ কোনো এজন বিষয়াই জিলাখনৰ মৃত, বেদখলকাৰীৰ কবলত পৰি প্রায় নিঃশেষ হ’বলৈ ধৰা বহু সম্ভাৱনাপূর্ণ কৃষি বীজ ফার্মকেইখন পৰিদর্শন কৰিবলৈ কাহানিও যোৱা নাই বুলি ফার্মকেইখনৰ ওচৰে–পাঁজৰে থকা ৰাইজে জনাইছে৷ পৰিতাপৰ বিষয় যে জিলা কৃষি বিভাগে আনকি জিলাখনৰ কৃষি বীজ ফার্মকেইখনৰ সাম্প্রতিক অৱস্থাটোক লৈ চৰম উদাসীন মনোভাব পোষণ কৰি অহাহে পৰিলক্ষিত হৈছে৷

You might also like