নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অম্বুবাচী মহাযোগ : দেৱীৰ আশিস বিচাৰি নীলাচলত অগণন ভক্তৰ ভিৰ

দেৱীৰ আশিস বিচাৰি লোকাৰণ্য হৈ পৰিছে নীলাচল পাহাৰ৷ অম্বুবাচী মহাযোগৰ দ্বিতীয় দিনা পুৱাৰে পৰা বতৰ কিছু ডাৱৰীয়া হৈছিল যদিও দেৱী কামাখ্যাৰ কৃপাদৃষ্টিত বতৰেও যেন ৰূপ সলনি কৰিবলৈ বাধ্য হয়৷

কিয়নো, নীলাচল পাহাৰৰ লগতে গুৱাহাটী মহানগৰীৰ চৌপাশে এতিয়া দেৱী কামাখ্যাৰ জয়–জয়কাৰ৷ প্রকৃতিৰ আহ্বানক সঁহাৰি জনাই কিছুদিনৰ বাবে দেৱীয়ে ভক্তৰ সান্নিধ্যৰ পৰা বিৰতি লৈছে৷

কিন্তু দেৱীৰ এই বিৰতিও যেন ভক্তপ্রাণ ৰাইজৰ বাবে এক বিশেষ সময়৷ দেৱী কামাখ্যাৰ শ্রীচৰণত নিজকে আত্মসমর্পণ কৰি ভক্তিভাৱত বিলীন হৈ দেৱীৰ নাম স্মৰণ কৰি পদব্রজে ৰাইজে যাত্রা কৰিছে কামাখ্যা দেৱালয় অভিমুখে৷

দেৱীৰ আশিস বিচাৰি যোৱা এই যাত্রাত দুখ–ভাগৰো যেন ম্লান হৈ পৰিছে৷ সকলোৰে এটাই আশা– অম্বুবাচী মহাযোগৰ সময়ছোৱাত দেৱী কামাখ্যাৰ কৃপাদৃষ্টিয়ে জীৱন উন্নত কৰি তুলিব৷ একেধৰণে দেৱীৰ এই বিশেষ সময়ছোৱাত সাধনাৰ মাধ্যমেৰে শক্তি আহৰণৰ বাবে দিনে–নিশাই হোমযজ্ঞত ব্যস্ত হৈ পৰিছে দেশ–বিদেশৰ পৰা অহা সাধু–সন্তসকল৷

তেওঁলোকৰ মতে, অম্বুবাচীৰ এই সময়ছোৱা তান্ত্রিক সিদ্ধিপ্রাপ্তিৰ অনুকূল সময়৷ দ্বিতীয়দিনা ৰাজ্যৰ বিভিন্ন প্রান্তৰ পৰা বহুসংখ্যক ভক্ত দর্শনার্থীয়ে শাৰীৰিক কষ্টকো নেওচা দি হেঁচা–ঠেলাৰ মাজেৰে কামাখ্যা ধামলৈ অগ্রসৰ হৈ আশিস লাভ কৰা সকলো ভক্তৰ মুখত বিৰিঙিছে সন্তুষ্টিৰ হাঁহি৷

অকল অসমৰেই নহয়, গুজৰাট, পশ্চিমবংগ, মহাৰাষ্ট্রৰ মুম্বাইৰ পৰাও ভক্ত আহিল দেৱী কামাখ্যাৰ আশিস গ্রহণ কৰিবলৈ৷ দেশৰ ভিতৰত অন্যতম শক্তিশালী শক্তিপীঠ হৈছে কামাখ্যা ধাম৷

তাতেই এতিয়া অম্বুবাচী মহাযোগৰ সময়৷ গতিকে এই সময়ছোৱাত কামাখ্যা ধাম দর্শন কৰাটো নিজৰ লগতে পৰিয়ালৰ বাবেও যথেষ্ট সৌভাগ্যৰ বিষয় বুলি মন্তব্য কৰিছে ভক্তপ্রাণ ৰাইজে৷ বিভিন্ন প্রান্তৰ পৰা অহা বিশেষকৈ বহিঃৰাজ্যৰ পৰা অহা ভক্তপ্রাণ ৰাইজে কামাখ্যা ধাম দর্শন কৰি নিজকে সৌভাগ্যৱান বুলি মন্তব্য কৰাৰ লগতে অম্বুবাচী মহাযোগক লৈ ৰাজ্য চৰকাৰে ব্যৱস্থা কৰা আয়োজনক লৈ প্রশংসা কৰিলে বহুসংখ্যকে৷

দেশৰ বিভিন্ন প্রান্তত বহু ধর্মীয় উৎসৱ হয় যদিও অম্বুবাচী মেলাত চৰকাৰে খোৱা খাদ্যৰ পৰা থকাৰ সুব্যৱস্থা তথা ভক্তসকলৰ সৰু–বৰ প্রত্যেকটো সমস্যাক লৈ দিয়া গুৰুত্বক প্রত্যক্ষ কৰি যথেষ্ট অভিভূত হৈ পৰিছে ভক্তপ্রাণ ৰাইজ৷

ৰাজ্য চৰকাৰে অম্বুবাচীলৈ অহা ভক্ত–দর্শনার্থীৰ থকা–খোৱাৰ বাবে সোণাৰাম খেলপথাৰ আৰু পাণ্ডু বন্দৰত আশ্রয় শিবিৰৰ ব্যৱস্থা কৰিছে৷ জনস্বাস্থ্য কাৰিকৰীৰ পৰা গুৱাহাটী পৌৰ নিগম, মহানগৰ আৰক্ষী, লোকনির্মাণ, বিদ্যুৎ আদিকে ধৰি প্রতিটো চৰকাৰী বিভাগে নিয়াৰিকৈ সকলো দায়িত্ব পালন কৰা পৰিলক্ষিত হ’ল৷

কেইবাটাও ছিফ্টত চৰকাৰী বিষয়া–কর্মচাৰীয়ে কেম্পসমূহত কর্তব্য সমাপন কৰিছে৷ কোনোধৰণৰ বিশৃংখল পৰিস্থিতিৰ উদ্ভৱ এতিয়ালৈ হোৱা নাই৷ চৰকাৰী আয়োজনক লৈ শিবিৰসমূহত থকা ভক্ত–দর্শনার্থীসক যথেষ্ট সন্তুষ্টি প্রকাশ কৰিছে৷ দেৱী কামাখ্যাই সকলোকে কৃপাদৃষ্টি মৰিষণ কৰক এয়াই প্রতিজন অসমীয়াৰ মনৰ কথা৷

ডিজিটেল ডেস্ক, ২৪ জুন

You might also like