নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগৰবেৰাত মুখত সোপা দি নাবালিকা ধৰ্ষণৰ চেষ্টা যুৱকৰ, ৰাইজে গটালে আৰক্ষীক

নিয়মীয়া বাৰ্তা, ৮ আগষ্ট: নগৰবেৰাত হাকিম আলীৰ জঘন্য কাণ্ড ,ৰাজমিস্ত্ৰি হাকিমে এঘৰত কাম কৰি থকাৰ মাজতেই কোৰ এখন বিচাৰি গৈছিল চুবুৰীয়াৰ ঘৰত আৰু তাতেই সংঘটিত কৰে এক জঘন্য কাণ্ড |জানিব পৰা মতে কোৰ বিচাৰি গৈ ঘৰত এগৰাকী নাবালিকাক অকলে পাই মুখত সোপা দি বলপূৰ্বক কুকাৰ্য সংঘটিত কৰিব বিচাৰে |নাবালিকা গৰাকীয়ে চিয়ৰি দিয়াত চাইকেলত উঠি পলায়ন কৰে লম্পট হাকিমে পিছে কপাল বেয়া আছিল হাকিমৰ ,চাইকেলৰ চেইন পৰি যায় আৰু চুবুৰীয়া একাংশ মহিলাই চেইন উঠাই থকাৰ পৰতেই আটক কৰে বিবাহিত লম্পট ৰাজমিস্ত্ৰি হাকিম আলীক | তাৰ পাছত উত্তেজিত ৰাইজে হাকিম আলীক উত্তম-মাধ্যম শোধাই ৰচীৰে মেৰিয়াই মেৰিয়াই বান্ধি ৰাখি খৱৰ দিয়ে নগৰবেৰা আৰক্ষীক |আৰক্ষীয়ে হাকিমক উদ্ধাৰ কৰি জিম্মালৈ লয় আৰু সম্প্ৰতি হাকিম আলী ৰঙা ঘৰৰ আলহী ,নগৰবেৰাৰ নমঃশূদ্ৰ পাৰাত মঙ্গলবাৰৰ দুপৰীয়া সংঘটিত হয় এই কাণ্ড আনহাতে লম্পট হাকিম আলীৰ ঘৰ নগৰবেৰাৰ নায়টৰ খোলা ৰিজাৰ্ভত। নাবালিকাক এগৰাকী ৰাজমিস্ত্ৰিয়ে ধৰ্ষণৰ অপচেষ্টা চলোৱাৰ বাতৰিয়ে চাঞ্চল্য বিয়পাইছে অঞ্চলজুৰি ।

You might also like