নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নাহৰকটীয়াৰ জয়পুৰত ত্ৰিৰংগা ৰেলীঃ বিধায়ক তৰংগ গগৈৰ অংশগ্ৰহণ

নিয়মীয়া বাৰ্তা, ৯ আগষ্ট: দেশে স্বাধীনতা লাভ কৰা ৭৫ বছৰ উপলক্ষে দেশজুৰি পালন কৰা কৰা হব আজাদি কা অমৃত মহোৎসৱ। ব্ৰিটিছৰ শাসনৰ পৰা শাসনৰ বাঘজৰী টানি আনি দেশ স্বাধীন হোৱাৰ এই মহেন্দ্ৰ সময়ক সোঁৱৰণ কৰাৰ লগতে যাতে এই স্বৰ্ণিল ইতিহাস চিৰদিন ভাৰতবাসীৰ বুকুত খোদিত হৈ ৰয়, তাৰ উদ্দেশ্যৰে কেন্দ্ৰীয় চৰকাৰে প্ৰতিজন ভাৰতীয়ক ১৩ আগষ্টৰ পৰা নিজ নিজ ঘৰত ৰাষ্ট্ৰীয় পতাকা উৰুৱাই দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰিবলৈ যি আহ্বান জনাইছে তাৰ লগতে সমগ্ৰ দেশ জুৰি আৰম্ভ কৰা হৰ ঘৰ ত্ৰিৰংগা শীৰ্ষক কাৰ্যসূচীৰ অংশস্বৰূপে আজি নাহৰকটীয়াত বাহিৰ কৰা হয় এক বিশাল ত্ৰিৰংগা ৰেলী।বিজেপিৰ নাহৰকটীয়া মণ্ডল যুৱ মৰ্চাৰ উদ্যোগত অনুষ্ঠিত কৰা এই ত্ৰিৰংগা ৰেলী সমষ্টিটোৰ চাচনী মৌজাৰ মেৰবিলৰ পৰা শুভাৰম্ভ কৰি নাহৰকটীয়া নগৰৰ মাজেৰে পৰিভ্ৰমণ কৰি ৰাঙলী পথাৰত সামৰণি পেলোৱা হয় পৰে। উল্লেখযোগ্য যে প্ৰায় দুই শতাধিক যুৱ মৰ্চাৰ কৰ্মীসকলে অংশগ্ৰহণ কৰা এই বাইক ৰেলিত উপস্থিত স্থানীয় বিধায়ক তৰংগ গগৈয়েও অংশগ্ৰহণ কৰাৰ লগতে হাতত ৰাষ্ট্ৰীয় পতাকা লৈ সমগ্ৰ সমষ্টিবাসীক হৰ ঘৰ ত্ৰিৰংগা শীৰ্ষক কাৰ্যসূচী সফল কৰি তুলিবলৈ আহ্বান জনায়। আনহাতে আজি বিয়লি ভাগত এই একেই উদ্দেশ্যৰে নাহৰকটীয়া বিধান সভা সমষ্টিৰ অন্তৰ্গত জয়পুৰতো জয়পুৰ মণ্ডল বিজেপিৰ উদ্যোগত এক বিশাল পদযাত্ৰা বাহিৰ কৰা হয়। নাহৰকটীয়াৰ বিধায়ক তৰংগ গগৈ, স্থানীয় ৰাজহ চক্ৰ বিষয়া, জয়পুৰ স্থিত অসম ৰাইফলছ শিবিৰৰ কমাণ্ডিঙ অফিচাৰ, বিজেপিৰ জয়পুৰ মণ্ডলৰ সভাপতি মৃদুল কলিতা আদিৰ লগতে শতাধিক লোকে অংশগ্ৰহণ কৰা এই পদযাত্ৰাত অংশগ্ৰহণ কাৰী সকলে হাতে হাতে জাতীয় পতাকা লৈ জয়পুৰ চাৰিআলিৰ পৰা ডেইলি বজাৰলৈকে পদ যাত্ৰা কৰে।

প্ৰেৰক প্ৰাঞ্জল ভূঞা

You might also like