নগৰবেৰাৰ হেকৰাত চোৰাং কাঠৰ বিৰুদ্ধে বন বিভাগৰ অভিযান; জব্দ বাহন, আটক ২জন
নিয়মীয়া বাৰ্তা, ১২ মাৰ্চ: পশ্চিম কামৰূপ বন সংমণ্ডলৰ অধীনস্থ নগৰবেৰা নদী সংৰক্ষিত বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত ভিন্ন প্ৰান্তত নগৰবেৰা নদী সংৰক্ষিত বনাঞ্চলিকৰ বন বিষয়া সিদ্ধাৰ্থ সিনহাৰ নেতৃত্বত বন বিভাগৰ দলে দিনে- নিশাই অব্যাহত ৰাখিছে চোৰাং শিল, বালি, কাঠৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান ৷ এই অভিযানত ৰবিবাৰে চোৰাং কাঠ ভৰ্ত্তি এখন বাহনসহ দুজনকৈ লোকক আটক কৰিবলৈ সক্ষম হৈছে অভিযানকাৰী বন বিভাগৰ দলে ৷ বন বিভৰগৰ সুত্ৰে জনোৱা অনুসৰি গোৱালপাৰা আৰু পশ্চিম কামৰূপৰ বন বিভাগৰ সীমান্তৱৰ্তী ঘন জংঘল অঞ্চলৰ পৰা চোৰাংকৈ কাঠ ভৰ্ত্তি কৰি নিশাৰ ভাগত গোপনে নগৰবেৰাৰ মালিবাৰী অঞ্চললৈ নিয়াৰ পথত নিশা প্ৰায় ১ বজাত পশ্চিম কামৰূপ বন সংমণ্ডলৰ ডি এফ অ ডিম্পী বৰাৰ নিৰ্দেশত নগৰবেৰা নদী সংৰক্ষিত বনাঞ্চলিকৰ বন বিষয়া সিদ্ধাৰ্থ সিনহাৰ নেতৃত্বত বন বিভাগৰ এটা বৃহৎ দলে নগৰবেৰাৰ হেকৰাৰ আৰু মন্দিৰা অঞ্চলত টহল দি নাটকীয় কায়দাৰে বৃহৎ পৰিমাণৰ চোৰাং শাল কাঠ ভৰ্তি এখন বাহন জব্দ কৰাৰ বিপৰীতে চোৰাং কাঠৰ বেহাৰ লগত জড়িত থকা দুজনকৈ লোকক আটক কৰিবলৈ সক্ষম হয় ৷ বন বিভাগে আটক কৰা লোক দুজন ক্ৰমে দিবাকাৰ বড়ো আৰু নিৰোধ বড়ো বুলি জানিব পৰা গৈছে ৷
প্ৰেৰক-সঞ্জীৱ কুমাৰ দাস/নগৰবেৰা