নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বঙাইগাঁৱত অসম প্ৰদেশ সাংবাদিক সন্থাৰ অধিৱেশন

 

নিয়মীয়া বাৰ্তা, ১২ মাৰ্চঃ আজি বঙাইগাওঁত এদিনীয়া কাৰ্যক্ৰমনিকাৰে অসম প্ৰদেশ সাংবাদিক সন্থাৰ প্ৰথম দ্বি বাৰ্ষিক অধিৱেশন অনুষ্ঠিত হয় । চহৰ খনৰ প্ৰশান্তি নিবাস প্ৰেক্ষাগৃহত অনুষ্ঠিত এই অধিৱেশনৰ কাৰ্যসূচী পুৱা পতাকা উত্তোলনেৰে শুভাৰম্ভ হয়। পতাকা উত্তোলন কৰে সংগঠনটোৰ কেন্দ্ৰীয় সভাপতি কুঞ্জ মোহন ৰায়ে। ইয়াৰ পিচত স্মৃতি তৰ্পন অনুষ্ঠান মুকলি কৰে সংগঠনটোৰ কাৰ্যকৰী সভাপতি অৰূপ ৰঞ্জন বৰ্মনে। দুপৰীয়া অনুষ্ঠিত হয় মত বিনিময় আৰু সম্বৰ্ধনা অনুষ্ঠান। এই অনুষ্ঠানটোৰ উদ্বোধন কৰে কমতাপুৰ স্বায়ত্ব পৰিষদৰ মুখ্য কাৰ্যবাহী গোকুল বৰ্মনে। অনুষ্ঠানটোত মত বিনিময় কৰে বঙাইগাওঁ জিলা তথ্য আৰু জনসংযোগ বিষয়া বিনু ৰাণী ৰাজবংশী আৰু বৃহত্তৰ বঙাইগাওঁ প্ৰেছ ক্লাৱৰ সভাপতি ৰঞ্জিত কুমাৰ শৰ্মাই। অনুষ্ঠানটোত সাহিত্য অকাডেমী বঁটা প্ৰাপক ৰাজা দেৱজিৎ বসুমতাৰী, বিশিষ্ট কাৰ্টুনিষ্ট ঋতুপৰ্ণ ৰাজবংশী আদি কেবাজনো বিশিষ্ট লোকক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। ইয়াৰ পিচত বিয়লি সংগঠনটোৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা আৰু প্ৰতিনিধি সভা অনুষ্ঠিত হয়। সন্ধিয়া আৰম্ভ হোৱা বিষয় বাচনি সভাত আগন্তুক কাৰ্যকালৰ বাবে এখন নতুন কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সমিতি গঠন কৰা হ’ব বুলি জানিব পৰা গৈছে।

You might also like