নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ননৈ উজনি গোমোঠাগাঁও নামঘৰত আই বজ্ৰাঙ্গী শিপিনী বঁটা প্ৰদান- ৩০ জন বৰ্ষীয়ান ব্যক্তিক সম্বৰ্ধনা

নিয়মীয়া বাৰ্তা, ৭ মে’: মহাপুৰুষ শ্ৰীশ্ৰী গোপালদেৱৰ ৪১১ তম তিৰোভাৱ আছেৰু ৪৮১ তম অাবিৰ্ভাব তিথি মহোৎসৱ ভাগ আজি নাৰায়ন ঠাকুৰ আঞ্চলিক শ্ৰীশ্ৰী গোপালদেৱ সমাজ দক্ষিন নগাঁৱৰ উদ্যোগত ননৈ উজনি গোমোঠা গাঁও,উকহ,জেঙনী চুক প্ৰাথমিক নামঘৰত বৰ্ণাঢ্য কাৰ্য্যসুচীৰে মহোৎসৱভাগ উদযাপন হয়। আজি পুৱা প্ৰাত:প্ৰসংগৰ পাছতেই ধৰ্মধ্বজা উত্তোলন কৰে গোপাল দেৱ সমাজৰ নাৰায়ন ঠাকুৰ আঞ্চলিকৰ সভাপতি ইন্দ্ৰমোহন গোস্বামীয়ে। তাৰ পাছতেই সাংস্কৃতিক শোভাযাত্ৰাৰ শুভাৰাম্ভনি কৰে শিক্ষাবিদ কণক চন্দ্ৰ বৰাই। দুপৰীয়া নাম প্ৰসংগ পৰিচালনা কৰে মৰিগাৱৰ দহঘৰীয়া সত্ৰৰ সত্ৰাধিকাৰ কমলা কান্ত মহন্তই। বিয়লি ২ বজাত শিক্ষাবৰ্তী প্ৰফুল্ল বৰাৰ সভাপতিত্বত অনুষ্ঠিত সভাত বিশিষ্ট অতিথিৰ ভাষনত সদৌ অসম শ্ৰীশ্ৰী গোপালদেৱ সমাজৰ সম্পাদক সুনীল বৰাই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মহাপুৰুষ মাধৱদেৱৰ প্ৰিয় শিষ্য গোপালদেৱৰ বিষয়ে আলোকপাত কৰে। সমাজকৰ্মী লেখক চেনাৰাম কলিতাই আত ধৰা সভাখনিত বৰ্ষীয়ান লেখক চিত্ৰ বৰাই গুৰুজনাৰ প্ৰৱন্ধ পাঠ কৰে। উল্লেখ্য যে শ্ৰীশ্ৰী গোপালদেৱ সমাজে পোন প্ৰথমবাৰৰ বাবে আই বজ্ৰাঙ্গী বঁটা গ্ৰামাঞ্চলৰ শিপিনীসকলক উদগনি দিবৰ বাবে এই বঁটা প্ৰদান অনুষ্ঠান সম্পন্ন কৰে। এইবাৰ আই বজ্ৰাঙ্গী নিপুন শিপিনী বঁটা প্ৰথম গৰাকী শিপিনী বঁটা লিলিমাই দাসক আৰু পাৰুল দাসক দ্বিতীয় শিপিনী বঁটা আঢৰু উদগনি হিচাপে দিপ্তী বৰাক প্ৰদান কৰা হয়। এই বঁটাত নগদ ধন, মানপত্ৰ আৰু স্মাৰক প্ৰদান কৰা হয়। আই বজ্ৰাঙ্গী শিপিনী বঁটাৰ উপৰিও সাংবাদিক দেৱজিত হাজৰিকা আৰু দেৱব্ৰত বৰাকে ধৰি ২৫ গৰাকী বৰ্ষীয়ান ব্যক্তিক সম্বৰ্ধনা জনোৱা হয়। সন্ধ্যা ভকত বৈষ্ণৱ বিদায় , ধৰ্মধ্বজা অৱতৰন আৰু সন্ধ্যা বন্তি প্ৰজ্বলনেৰে অনুষ্ঠান সম্পন্ন হয়।

You might also like