নলবাৰীত আজি মহাসমৰঃ ‘কা’ৰ সমৰ্থনত মৌন সমদল-বিৰোধিতাৰে ‘বজ্রনিনাদ’
অহিংসাৰ মহিমামণ্ডনেৰে নলবাৰীত আজি মহাসমৰ
নিয়মীয়া বাৰ্তা, ২০ ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী আইনখন বাতিলৰ দাবীত ৰাজ্যৰ সর্বত্র বিক্ষোভ–প্রতিবাদ অব্যাহত থকাৰ মাজতে আজি নলবাৰীত দেখা গৈছে দুই বিপৰীত ছবি ৷
এফালে ‘কা’ৰ বিৰুদ্ধে প্রতিবাদী জনতা আৰু আনফালে ‘কা’ৰ সপক্ষে থকা ৰজাঘৰীয়াৰ কার্যসূচী ৷
এই দুই বিপৰীত ছবিক লৈ সর্বত্র এতিয়া আন এক ব্যাপক চর্চা লাভ কৰিছে ৷ জাতি–মাটি–ভেটি ৰক্ষাৰ প্রতিশ্রুতিৰে ৰাজ্যৰ ক্ষমতা দখল কৰা বিজেপি–মিত্রজোঁট চৰকাৰৰ উদ্যোগত আজি নলবাৰীত মৌন শান্তি সমদল কার্যসূচী অনুষ্ঠিত কৰাৰ সমান্তৰালকৈ জাতি–মাটি–ভেটি আৰু অসমীয়া ভাষা ৰক্ষাৰ স্বার্থত ৰাজপথলৈ পুনৰ ওলাই আহিছে জনতা ৷
যিটো সময়ত নলবাৰীত শান্তিপূর্ণভাৱে বিভিন্ন ব্যক্তি–দল–সংগঠন্ প্রবল প্রতিবাদী কার্যসূচী ৰূপায়ণ কৰি আহিছে, সেই সময়ত ৰাজ্য চৰকাৰখনে মৌন শান্তি সমদল কৰিবলৈ ওলোৱাক লৈ আছু, যুৱ–ছাত্র পৰিষদকে ধৰি বিভিন্ন দল–সংগঠনে চৰকাৰৰ এনে কার্যসূচীত তীব্র প্রতিক্রিয়া প্রকাশ কৰিছে ৷
নলবাৰী গর্ডন স্কুল খেলপথাৰৰ পৰা চৰকাৰৰ মৌন শান্তি সমদলৰ কার্যসূচীত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল, বিত্তমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা, বি টি চি প্রধান হাগ্রামা মহিলাৰী, মন্ত্রী অতুল বৰা, মন্ত্রী চন্দ্রমোহন পাটোৱাৰীকে ধৰি কেইবাগৰাকী মন্ত্রী–সাংসদ, বিধায়কৰ লগতে দলটোৰ কেইবাগৰাকী শীর্ষ নেতাই অংশগ্ৰহণ কৰিছে ৷
ইপিনে, এই কার্যসূচীৰ বিপৰীতে সদৌ নলবাৰী জিলা ছাত্র সন্থাই আয়োজন কৰিছে এক প্রতিবাদী ‘বজ্র নিনাদ’ ৷ উক্ত কার্যসূচীত অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদে সমর্থন আগবঢ়োৱা বুলি সংগঠনটোৱে জানিবলৈ দিয়ে ৷