নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নলবাৰীত বান ক্ষতিগ্রস্ত এলেকা পৰিদর্শন মন্ত্রী পাটোৱাৰীৰ

নিয়মীয়া বার্তা, ১ জুনঃ অসম চৰকাৰৰ পৰিবহণ, উদ্যোগ আৰু বাণিজ্য মন্ত্রী চন্দ্র মোহন পাটোৱাৰীয়ে নলবাৰী উপায়ুক্তৰ সভাকক্ষত বিভাগীয় বিষয়াৰ সৈতে ক’ৰোনা ভাইৰাছ সংক্রান্তত প্রশাসনৰ ব্যৱস্থাপনা আৰু বান পৰিস্থিতি পর্যালোচনা কৰে৷ অসম পর্যটন উন্নয়ন নিগমৰ অধ্যক্ষ জয়ন্তমল্ল বৰুৱা, নলবাৰীৰ বিধায়ক অশোক শর্মা, বৰক্ষেত্রীৰ বিধায়ক নাৰায়ণ ডেকা, জিলা উপায়ুক্ত ভাৰত ভূষণ দেৱ চৌধুৰী, জিলা পৰিষদৰ সভাপতি নিতুল ডেকা, জিলা উন্নয়ন আয়ুক্ত কৃষ্ণা বৰুৱা, আৰক্ষী অধীক্ষক অমনজিত কৌৰ, অতিৰিক্ত উপায়ুক্তসকল, চক্র বিষয়াসকল, স্বাস্থ্যসেৱাৰ যুটীয়া সঞ্চালক, সহকাৰী আয়ুক্তসকল আৰু বিভাগীয় বিষয়াসকলৰ উপস্থিতিত মন্ত্রীগৰাকীয়ে জলসম্পদ বিভাগৰ মথাউৰি নির্মাণ, স্বাস্থ্য বিভাগৰ ক’ভিড–১৯ সন্দর্ভত বহিঃৰাজ্যৰ পৰা নলবাৰীলৈ অহা লোকৰ বাবে কোৱাৰেণ্টাইন কেন্দ্রৰ ব্যৱস্থাপনা, নলবাৰী জিলাৰ বান পৰিস্থিতি, ৰিলিফ প্রদান, যোগান বিভাগৰ মজুত খাদ্যসামগ্রীৰ পৰিমাণ, কৃষি বিভাগৰ কাম–কাজ, মীন বিভাগৰ পোনা উৎপাদন ব্যৱস্থা, কৃষি বিভাগৰ বান্ধ মেৰামতি আদিৰ পর্যালোচনা কৰে৷ জিলা পৰিবহণ বিষয়াক ক’ভিড–১৯ সন্দর্ভত কাম কৰিবলৈ পর্যাপ্ত পৰিমাণে গাডী যোগান ধৰিবলৈ মন্ত্রীগৰাকীয়ে নির্দেশ দিয়ে৷

কৃষি বিভাগক মাকৈৰ খেতি আৰু সৰিয়হৰ খেতি কৰিবলৈ কৃষকসকলক উৎসাহিত কৰিবলৈ নির্দেশ দিয়ে৷ তদুপৰি কেচুসাৰ উৎপাদন কার্যত কৃষি বিভাগক যাৱতীয় ব্যৱস্থা ল’বলৈও নির্দেশ দিয়ে মন্ত্রী পাটোৱাৰীয়ে৷ আনহাতে উপায়ুক্ত ভাৰত ভূষণ দেৱ চৌধুৰীক সমগ্র জিলাখনতে গছপুলি ৰোপণ কৰিবলৈ নির্দেশ দিয়ে৷ তদুপৰি নিজৰ কার্যালয় চৌহদত অগৰুৰ খেতি কৰিবলৈও মন্ত্রী পাটোৱাৰীয়ে বিষয়াসকলক নির্দেশ দিয়ে, কিয়নো অগৰু খেতি অতি লাভজনক৷ জনস্বাস্থ্য কাৰিকৰী বিভাগক জিলাখনত বিশুদ্ধ পানী যোগান ধৰিবলৈ নির্দেশ দিয়ে৷ ইয়াৰ পিছতে মন্ত্রীগৰাকীয়ে ধর্মপুৰৰ পখুৰা, আমনি, পুর্ণি আদি বানাক্রান্ত অঞ্চল পৰিদর্শন কৰে৷

You might also like