নাওবৈচাত পাঁচ বছৰ পাৰ হৈ যোৱাৰ পাছতো ৫০ শতাংশই নহল পকী দলঙৰ কাম
ঠিকাদাৰ হাইদৰ আলিৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী:
নিয়মীয়া বার্তা, ২৬ ছেপ্টেম্বৰ: ভাৰত নিৰ্মান আঁচনিৰ অধীনত গ্ৰামাঞ্চলৰ পিছপৰা জনসাধাৰণক উন্নত যাতায়ত ব্যৱস্থাৰে সামৰি লোৱাৰ লক্ষ্যৰে ৰূপায়ন কৰা প্ৰধান মন্ত্ৰী গ্ৰাম চড়ক যোজনাত লখিমপুৰ জিলাৰ নাওবৈচা বিধান সভা সমষ্টিত সংঘটিত হৈছে বিয়াগোম দুৰ্নীতি। বিধান সভা সমষ্টিটোত ইতিমধ্যে নিৰ্মাণ সম্পূৰ্ণ কৰা বা নিৰ্মীয়মান অৱস্থাত থকা একাধিক পথতেই সংঘটিত হৈছে দুৰ্নীতি। লখিমপুৰ লোক নিৰ্মান বিভাগৰ অধীনস্থ ঠিকাদাৰ তথা বিষয়া অভিযন্তাৰ চূড়ান্ত অনিয়ম আৰু দুৰ্নীতিৰ বাবেই উক্ত পথসমূহ এতিয়া পথচাৰীৰ বাবে মৰণফান্দত পৰিণত হোৱা ৰাজহুৱা অভিযোগ উঠিছে। ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই দুৰ্নীতিৰ বিৰুদ্ধে যিমানেই ব্যৱস্থা গ্ৰহণ নকৰক কিয় এই ব্যৱস্থাৰে এতিয়াও স্পৰ্শ কৰিব পৰা নাই লখিমপুৰৰ লোকনিৰ্মান বিভাগক। বিভাগটোৰ অধীনস্থ হাইদৰ আলি নামৰ ঠিকাদাৰ গৰাকীয়ে দায়িত্বহীনতা আৰু চূড়ান্ত মইমতালীৰে পাঁচ বছৰৰ পূৰ্বে কাম আৰম্ভ কৰা প্ৰধান মন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত পানধোৱাৰ পৰা মহঘুলি বৰগোলা সংযোগী পথটো যোৱা পাঁচটা বছৰেও সম্পূৰ্ণ নহল।উল্লেখযোগ্য যে পথটোৰ লগত থকা ঘোঁৰাকটা জানত এখন পকী দলং যোৱা পাঁচটা বছৰেও ৫০ শতাংশ কামেই হোৱা নাই। অতি লেহেমীয়া আৰু অনিয়মৰে পথটোৰ কাম কৰি আছে যদিও বিভাগীয় ভাৱে তদাৰক কৰিবলৈ কোনো নাই। দলংখনৰ ওপৰৰ চাঁদ সম্পূৰ্ণ হৈছে যদিও এপ্ৰচ দুটাত এতিয়া এচপৰা মাটি পেলোৱা নাই। যাৰ বাবে বৃহত্তৰ অঞ্চলটো ৰাইজে অতি বিপদজনক ভাৱে যাতায়ত কৰিবলগীয়া হৈছে। তদুপৰি পথটো বহু অংশত এতিয়াও চেণ্ড গ্ৰেভেল, ফালিয়া শিল মাৰিবলৈও বাকী আছে। এনে স্থলত স্থানীয় ৰাইজে জিলা উপায়ুক্তক ঠিকাদাৰ গৰাকীৰ ওপৰত বিহীত ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে অনতিপলমে পথটোৰ কাম সম্পূৰ্ণ কৰিবলৈ দাবী জনাইছে ।