নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গেৰুকামুখত আন এক বিপদঃ গার্ড ৱাল ভাগি সোৱণশিৰি প্ৰকল্পৰ পাৱাৰ হাউচত পানীৰ ধল

নিয়মীয়া বার্তা, ২৬ ছেপ্টেম্বৰ: অসমবাসীৰ জনমতক উপেক্ষা কৰি ২,০০০ মেগাৱাট শক্তি উৎপাদনক্ষম নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্পৰ প্রায় ৯০ শতাংশ নির্মাণ সম্পূর্ণ কৰা এন এইচ পি চি কর্তৃপক্ষৰ মিথ্যাচাৰ উন্মোচিত হ’ল৷ গেৰুকামুখৰ থুনুকা পাহাৰৰ ওপৰত নির্মীয়মাণ দৈত্যকায় নদীবান্ধটো যে মুঠেই সুৰক্ষিত নহয়, সেয়া প্রতিপন্ন কৰিছে ৰুষ্ট প্রকৃতিয়ে৷ শেহতীয়াকৈ ইটোৰ পাছত সিটো ভূমিস্খলনে তীব্র ভাবুকি কঢ়িয়াই অনাৰ সময়তে এইবাৰ এক ভয়ংকৰ কাণ্ড সংঘটিত হৈছে৷ নতুন বিপদ কঢ়িয়াই সোৱণশিৰি নৈৰ সোঁপাৰত থকা গেৰুৱামুখ প্রকল্পৰ অতি গুৰুত্বপূর্ণ পাৱাৰ হাউছৰ গার্ড ৱাল আজি পুৱতিনিশাৰ পৰা খহিবলৈ আৰম্ভ কৰে৷ এন এইচ পি চি কর্তৃপক্ষই বিষয়টোক গাপ দি গার্ড ৱালখন ৰক্ষা কৰিবলৈ দিনটো পার্যমানে চেষ্টা কৰিছিল যদিও সফল নহ’ল৷ বিয়লি প্রায় ৫ বজাত গার্ড ৱালখনৰ এটা অংশ খহি পাৱাৰ হাউছত সোৱণশিৰি নৈৰ পানীৰ ধল ববলৈ ধৰে৷ ইয়াৰ লগে লগে প্রশ্ণ উত্থাপন হৈছে– এন এইচ পি চিয়ে দাবী কৰা ধৰণে বৃহৎ নদীবান্ধটো নির্মাণৰ ক্ষেত্রত কিমান উন্নতমানৰ তথা অত্যাধুনিক প্রযুক্তি ব্যৱহাৰ কৰিছিল? পাৱাৰ হাউছত হোৰাহোৰে পানীৰ সোঁত ব’বলৈ ধৰাৰ কথা ৰাষ্ট্র হৈ পৰাৰ পাছতেই গেৰুকামুখ প্রকল্পৰ নামনি অংশত থকা মাজুলী, ধেমাজি, লখিমপুৰ আৰু বিশ্বনাথ জিলাবাসীক অধিক আতংকগ্রস্ত কৰি তুলিছে৷ উল্লেখ্য যে কেন্দ্রীয় শক্তিমন্ত্রী আৰ কে সিঙে যোৱা ১৪ জুনত গেৰুকামুখত উপস্থিত হৈ নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্পৰ উৎপাদন কার্য অহা ডিচেম্বৰ অথবা জানুৱাৰী মাহত আৰম্ভ হ’ব বুলি ঘোষণা কৰিছিল৷ কিন্তু বিগত কেইদিনমানৰ পৰা অৰুণাচলত হোৱা মুষলধাৰ বৰষুণৰ ফলত গেৰুকামুখৰ থুনুকা পাহাৰত ইটোৰ পাছত সিটো ভূমিস্খলন হ’বলৈ ধৰে৷ দুদিন পূর্বে হোৱা ভূমিস্খলন শনিবাৰেও অব্যাহত থাকে৷ কালি পুৱতিনিশা হোৱা ভূমিস্খলনৰ ফলতেই মূল বান্ধৰ ২নং টানেলৰ ব্যাপক ক্ষতি হয়৷ অকল সেয়াই নহয়, নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্পৰ সন্মুখ ভাগলৈ যোৱা পথটোও সম্পূর্ণৰূপে খহি পৰে৷ ইয়াৰ সমান্তৰালভাৱে বান্ধৰ ওপৰেৰে ভয়ংকৰভাৱে বাগৰিবলৈ ধৰে পানী৷

লক্ষণীয়ভাৱে যোৱা ১৬ ছেপ্ঢেম্বৰত ২নং টানেলৰ এটা অংশ ভূমিস্খলনৰ বাবেই ভাঙি পৰিছিল৷ কালি পুৱতিনিশা ২নং টানেলটোৰ ওপৰত পাহাৰৰ মাটি খহি পৰাৰ পাছত ১নং টানেললৈ ভাবুকি সৃষ্টি হৈছে৷ ইয়াৰ মাজতে গার্ড ৱাল খহি আজি পাৱাৰ হাউছৰ ভিতৰলৈ পানীৰ ধল ব’বলৈ ধৰাত সামগ্রিকভাৱে গেৰুকামুখ প্রকল্পলৈ নামি আহিছে অশনি সংকেত৷ যদিহে পাৱাৰ হাউছত সম্পূর্ণৰূপে পানী সোমায়, তেন্তে ব্যাপক ক্ষতি হোৱাৰ সম্ভাৱনা প্রকট৷ ইতিমধ্যে কালি ভূমিস্খলনৰ পাছৰে পৰা প্রকল্পটোৰ সকলো কাম–কাজ অচল হৈ পৰিছে৷ বিশেষকৈ পাৱাৰ হাউছত পানী সোমোৱাৰ লগে লগে এন এইচ পি চিৰ প্রকল্পস্থলীৰ পৰা স্থানান্তৰ কৰিছে ৬ হাজাৰ শ্রমিকক৷ আটাইতকৈ গুৰুত্বপূর্ণ কথাটো হ’ল– পাৱাৰ হাউছ থকা এলেকাটোতে এন এইচ পি চি কর্তৃপক্ষই গেৰুকামুখ প্রকল্পত বিদ্যুৎ উৎপাদনৰ বাবে দুটা টার্বাইনৰ নির্মাণকার্য সম্পূর্ণ কৰি তোলাৰ বিপৰীতে আন দুটা টার্বাইন নির্মীয়মাণ অৱস্থাত আছে৷ কিন্তু ইমানৰ পাছতো এন এইচ পি চি কর্তৃপক্ষই অসমৰ জনসাধাৰণক অন্ধকাৰত ৰখা তথা আখৈ মতাৰ চেষ্টা কৰি আহিছে৷ কালি পুৱতিনিশা ২নং টানেলত হোৱা ভূমিস্খলন আৰু মূল বান্ধৰ ওপৰেৰে পানী বাগৰা সত্ত্বেও এন এইচ পি চিৰ পৰামর্শদাতা এ এন মহম্মদে সংবাদ মাধ্যমলৈ প্রেৰণ কৰা এক বিবৃতিত কৈছিল যে যেতিয়া ডাইভার্ছন টানেলৰ পৰিবহণ ক্ষমতা অতিক্রম কৰে, তেতিয়া বান্ধৰ ওপৰেৰে অতিৰিক্ত পানী বৈ থাকে৷ নির্মাণৰ সময়ত সকলো বান্ধৰ বাবে এইটো এটা স্বাভাৱিক ঘটনা৷ আনকি কালিৰ দিনটোত গেৰুকামুখত সোৱণশিৰি নৈৰ জলপ্রৱাহৰ তথ্যও বিবৃতিটোত সন্নিৱিষ্ট কৰা হৈছে৷

সেই অনুসৰি কালি পুৱা ৮ বজাৰ পৰা প্রতি ছেকেণ্ডত ৫০৮০ ঘনমিটাৰ আৰু দুপৰীয়া ১২ বজাত প্রতি ছেকেণ্ডত ৫৬১০ ঘনমিটাৰ জলপ্রৱাহ আছিল সোৱণশিৰি নৈৰ বুকুত৷ ইয়াক স্বাভাৱিক ঘটনা বুলি দাবী কৰি এ এন মহম্মদে কৈছিল যে বান্ধৰ ভেটি নির্মাণৰ সুবিধাৰ বাবে নৈখন অন্য ফালে বোৱাই নিবলৈ ডাইভার্ছন টানেল ব’ড অস্থায়ী নির্মাণ৷ ৫টা ডাইভার্ছন টানেলৰ ক্ষমতা প্রতি ছেকেণ্ডত ৪৫৫০ ঘনমিটাৰ কৰাৰ পৰিকল্পনা কৰা হৈছিল৷ সোৱণশিৰি নৈৰ প্রতি ছেকেণ্ডত ৪৫৫০ ঘনমিটাৰ ১৫ বছৰত এবাৰ আহিব পৰা অ–মৌচুমী বানপানী৷ এই পৰিমাণ ডাইভার্ছনৰ ফলত অ–মৌচুমী কালত বিগত বছৰকেইটাত বান্ধৰ ভেটি নির্মাণত কৰা হৈছিল৷ ভূমিস্খলনৰ বাবে ২০২০ চনত ৫নং ডাইভার্ছন টানেলৰ নির্গমন বন্ধ কৰা হৈছিল আৰু যোৱা ১৬ ছেপ্ঢেম্বৰত ২নং টানেলৰ প্রৱেশ পথ বন্ধ হৈছিল৷ বান্ধ নির্মাণ প্রায় সম্পূর্ণ হোৱাৰ বাবে ডাইভার্ছন টানেলৰ প্রয়োজনীয়তা শেষ হৈ আহিছে আৰু এই বাৰিষাৰ পাছত সকলো ডাইভার্ছন টানেল বন্ধ কৰাৰ পৰিকল্পনা কৰা হৈছে৷ কার্যতঃ এনে ধৰণৰ মিথ্যাচাৰিতাৰে টানেলৰ বিষয়টো গাপ দিবলৈ বিচৰা এন এইচ পি চি কর্তৃপক্ষই এতিয়া গার্ড ৱাল ভাঙি পাৱাৰ হাউছত পানীৰ ধল বোৱা বিষয়টোত কি ভাষ্য ৰাখিব, তাক লৈ ব্যাপক চর্চা হৈছে৷ ইয়াৰ সমান্তৰালভাৱে আজি পাৱাৰ হাউছৰ গার্ড ৱাল ভাঙি পৰাৰ লগে লগে নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্পক লৈ অসমৰ বিশেষজ্ঞ সমিতিয়ে দাখিল কৰা প্রতিবেদন যে এশ শতাংশই সত্য আছিল, সেই কথা আকৌ এবাৰ জলজল–পটপট হৈ পৰিল৷

You might also like