নাওবৈচাৰ দলহাট-সোণাপুৰ গাঁও পঞ্চায়তত এনৰেগাৰ ৬টা আঁচনিৰ আধাৰশিলা স্থাপন
নিয়মীয়া বাৰ্তা, ২৪ মে : লখিমপুৰ গ্ৰামোন্নয়ন অভিকৰণৰ অধীনস্থ নাওবৈচা উন্নয়ন খণ্ডৰ দলহাট সোণাপুৰ গাঁও পঞ্চায়ত এলেকাত ২০২২-২৩ বৰ্ষত ৰূপায়ন কৰিবলগীয়া ছয়টা এনৰেগা আঁচনি কালি আধাৰশিলা স্থাপন কৰা হয়।মহাত্মা গান্ধী ৰাষ্ট্ৰীয় নিয়োগ নিশ্চিত আইনৰ চমুকৈ এনৰেগা যোগেদি আবন্টন হোৱা ২০২২-২৩ বিত্তীয় বৰ্ষত ৰূপায়ন কৰিবলগীয়া গোল দোকানৰ পৰা নাগঘৰলৈ শিঙৰা নদীৰ সুৰক্ষা বান্ধ, ১নং সোণাপুৰ ঠেঙাল কছাৰী কৃষ্টি ভৱনৰ ভূমি উন্নয়ন , ১২ মাইল কৃষ্টি বিকাশ কেন্দ্ৰৰ ভূমি উন্নয়ন আৰু চাৰিসীমা বেৰা, ১নং সোণাপুৰ শংকৰী কৃষ্টি বিকাশ কেন্দ্ৰৰ ভূমি উন্নয়ন,বোকানদী পশ্চিম দিশত শিঙৰাৰ সুৰক্ষা বান্ধকে ধৰি ছয়টা আঁচনিৰ আধাৰশিলা স্থাপন কৰে নাওবৈচা খণ্ড উন্নয়ন বিষয়া দিব্যজ্যোতি শইকীয়া আৰু নাওবৈচা জিলা পৰিষদৰ সদস্য গহীন বৰাই। আধাৰশিলা স্থাপনৰ পিছত হোৱা এক পথ সভাত নাওবৈচা জিলা পৰিষদৰ সদস্য গহীন বৰাই এই আঁচনিকেইটা সফল ৰূপায়ন হলে দলহাট সোণাপুৰ পঞ্চায়তবাসী ৰাইজে দীৰ্ঘ দিনে ভোগ কৰি অহা কষ্ট তথা অসুবিধা কিছু পৰিমানে হলেও লাঘৱ হব বুলি তেওঁ আশা প্ৰকাশ কৰে। সভাখনত নাওবৈচা খণ্ড উন্নয়ন বিষয়া দিব্যজ্যোতি শইকীয়া আঁচনিকেইখন ৰূপায়ণত যাতে কোনোও দুৰ্নীতি আশ্ৰয় নলয় তাৰ বাবে সাৱধান কৰি দিয়ে। সভাখনত নাওবৈচা মণ্ডল বিজেপিৰ সভাপতি ৰঞ্জিত পাৱে, ঠেঙাল কছাৰী স্বায়ত্ব পৰিষদৰ সাধাৰণ সদস্য কেশৱ নেওগ,কণিষ্ঠ অভিযন্তা ধ্ৰুৱজ্যোতি ডেকা,দলহাট সোণাপুৰ গাঁও পঞ্চায়তৰ সভাপতি পাপু শইকীয়া ,পঞ্চায়ত সচিব প্ৰমোদ ডেকা,জিআৰএছ খনিন্দ্ৰ চাংমাই উপস্থিত থাকে।