নাগালেণ্ডৰ পৰা খোজকাঢ়ি অহা যুৱকৰ যোৰহাটত মৃত্যু
নিয়মীয়া বাৰ্তা, ২৩ এপ্ৰিলঃ যোৰহাট জিলাৰ ভগামুখস্থিত আদর্শ চিকিৎসালয়ত স্থাপন কৰা কোৱাৰেণ্টাইন কেন্দ্রত আজি বিয়লি এজন লোকৰ মৃত্যু হোৱা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে৷
জানিব পৰা মতে, বুধবাৰে বিয়লি ২ বজাত যোৰহাট জিলাৰ চেলেংহাটৰ ধোদৰআলিৰ কাষত মুমূর্ষুপ্রায় অৱস্থাত উদ্ধাৰ কৰাৰ পাছত ৪৫ বছৰীয়া লোকজনক ১০৮ জৰুৰী সেৱাযোগে ভগামুখ আদর্শ চিকিৎসালয়লৈ নিয়া হৈছিল৷ চিকিৎসালয়ত প্রয়োজনীয় চিকিৎসা সেৱা প্রদান কৰা হৈছিল যদিও কিছুসময় পাছতে লোকজনে মৃত্যুক আঁকোৱালি লয়৷ মৃত লোকজনক গোলাঘাট জিলাৰ উৰিয়ামঘাট থানাৰ অন্তর্গত লক্ষীপুৰৰ টিকেন ৰাভাৰ পুত্র নগেন ৰাভা বুলি চিনাক্ত কৰা হৈছে৷
নাগালেণ্ডত এটা ব্যক্তিগত কোম্পানীত কর্মৰত লোকজনে দীর্ঘদিনীয়া লকডাউনৰ বাবে ধন আৰু খাদ্য সংকটত ভুগি নাগালেণ্ডৰ পৰা খোজকাঢ়ি ধোদৰআলিয়েদি নিজা ঘৰলৈ যোৱাৰ পথত অসুস্থ হৈ পথৰ কাষত পৰি থকা অৱস্থাত উদ্ধাৰ হৈছিল৷ ইতিমধ্যে ভগামুখ আৰক্ষীয়ে ঘটনা সন্দর্ভত তদন্ত কৰিছে বুলি প্রকাশ৷