নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নামৰূপত ক্ৰেছাৰ মেচিনৰ চকা খুলি তিনি শ্ৰমিক গুৰুত্বৰ ভাবে আহত

আহত শ্ৰমিকক উন্নত চিকিৎসাৰ বাৰে ডিব্ৰুগড়লৈ প্ৰেৰণ

নিয়মীয়া বার্তা, ১২ ডিচেম্বৰ:  নামৰূপ থানাৰ অন্তৰ্গত  দিল্লীঘাট চাৰি নম্বৰত অৱস্থিত এটা ক্ৰেছাৰ মেচিন্ ত আজি    কাম কৰি থকা অৱস্থাতে মেচিনৰ চকা খোল খাই তিনি গৰাকী শ্ৰমিক গুৰুত্বৰ বাবে আহত কৰে। আহত শ্ৰমিক তিনিগৰাকী ক্ৰমে  মুন্নী তাঁতী(২৩),  মুনীয়া হৰিজন(২৭)আৰু  ৰশ্মি তাঁতী (২৫) ।   শ্ৰমিক সকলৰ লগতে তিনিও মহিলাই    সিঙ  ক্ৰেছাৰ মেচিনত পুৱাৰ পৰাই কাম শিল ভঙা কামত নিয়োজিত আছিল। কিন্তু হঠাতে মেচিনত বিজুতি ঘটি চকা খোলখাই মেচিনৰ পৰা ওলাই আহি তিনিও মহিলাক মহতিতাই লৈ যায়।  শ্ৰমিক কেইগৰাকীৰ মূৰত আৰু ভৰিত গুৰুতৰ ভাবে জখম হৈছে। ততাতৈয়াকৈ  তিনিওকো নামৰূপৰ চৰকাৰী চিকিৎসালয়লৈ  অনা হয় যদিও  উন্নত চিকিৎসাৰ প্ৰয়োজন হোৱাত ডিব্ৰুগড়স্থিত অসম চিকিত্সা মহাবিদ্যালয় হাস্পিতাললৈ  প্ৰেৰণ কৰা হয়। ইয়াৰে ৰশ্মি তাঁতী নামৰ শ্ৰমিক গৰাকীৰ অৱস্থা সংকট জনক বুলি জানিব পৰা গৈছে।    আনহাতে  ঘটনা সন্দৰ্ভত বিয়লি লৈ ডিব্ৰুগড় শ্ৰম পৰিদৰ্শক অভ্ৰ জ্যোতি শৰ্মা ঘটনা থলীত উপস্থিত হয়  আৰু শ্ৰমিক সকলক ন্যায্য প্ৰদানৰ আশ্বাস দিয়ে।

You might also like