নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিজামুদ্দিন মাৰ্কাজলৈ যোৱা সকলক আজিৰ ভিতৰতে কৰা হ’ব কোৱাৰেণ্টাইনঃ স্বাস্থ্যমন্ত্ৰী

নিয়মীয়া বাৰ্তা, ৩১ মাৰ্চঃ দিল্লীৰ নিজামুদ্দিন অঞ্চলত অৱস্থিত আলামী মৰকজ বাংলেৱালী মাৰ্কাজ মছজিদত অনুষ্ঠিত হোৱা এক ধৰ্মীয় অনুষ্ঠানত ২১৬ জন অসমৰ লোকে অংশগ্ৰহণ কৰা বুলি তথ্য প্ৰকাশ পাইছিল যদিও শেহতীয়াভাৱে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তাত ৪৫৬ লোকে অংশগ্ৰহণ কৰিছিল বুলি উল্লেখ কৰে । প্ৰতিজন লোকৰে তথ্য যুগুতাবলৈ নিৰ্দেশ দিয়া হৈছে প্ৰতিখন জিলাৰ উপায়ুক্তক ।

স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে জনোৱা অনুসৰি আজি সন্ধিয়াৰ ভাগতে এইসকল লোকক কোৱাৰেণ্টাইন কৰি পৰীক্ষা কৰাৰ লগতে বুধবাৰে সন্ধিয়া এই ফলাফলো পোহৰলৈ আহিব । ইতিমধ্য়ে চৰকাৰৰ হাতত প্ৰতিজন লোকৰে সম্পূৰ্ণ তথ্য আৰু ঠিকনা আহিব পৰাৰ লগতে ভিন্ন প্ৰান্তত জিলা প্ৰশাসনৰ সহায়ত কোৱাৰেণ্টাইন কৰা হৈছে বহু লোকক ।

উল্লেখ্য যে, দিল্লীৰ এই নিজামুদ্দিনত মাৰ্কাজৰ বিশেষ ধৰ্মীয় সভাত অংশগ্ৰহণ কৰাৰ পাচতেই বহুলোকৰ শৰীৰত ক’ৰোনা ভাইৰাছ দেখা গৈছিল আৰু ইয়াত অংশগ্ৰহণ কৰা তেলেংগানাৰ ৬ জন লোকৰ মৃত্যু হৈছিল ।

You might also like