নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘নিৰ্ভয়া’ৰ আন এক ৰূপ…

নিৰ্ভয়াৰ ঘটনাক সাহসৰ প্ৰতীক হিচাপে লৈছে কেইগৰাকীমান যুৱতীয়ে

নিয়মীয়া বাৰ্তা, ৭ মাৰ্চঃ আজিৰ নাৰী জাগ্ৰত প্ৰহৰী। পুৰুষৰ সমানে সমানে ফেৰ মাৰিব পাৰে আজিৰ নাৰীয়ে। গহপুৰৰ এজাক উন্মনা গাভৰুৰ ব্যতিক্ৰমী পদক্ষেপ।

         দেশ কঁপাই যোৱা নিৰ্ভয়া কাণ্ড সকলোৰে জ্ঞাত।  কি দৰে কেইটামান নৰপিশাচৰ হাতত প্ৰাণ হেৰুৱাব লগা হৈছিল এগৰাকী যুৱতীয়ে। এই ঘটনাক সাহসৰ প্ৰতীক হিচাপে লৈ গহপুৰৰ কেইগৰাকীমান উদীয়মান যুৱতীয়ে গঠন কৰিছে এটা গোট। অতিথি অপ্যায়নৰ লক্ষ্যৰে গঠন হোৱা এই গোটটোৰ নাম ৰাখিছে ‘নিৰ্ভয়া কেটাৰিং গোট’।

       গহপুৰৰ বিভিন্ন বিবাহকে ধৰি বিভিন্ন অনুষ্ঠানত অতিথিক খাদ্য বিতৰণ কৰি সমাদৰ বুটলিবলৈ সক্ষম হৈছে গোটটো। গোটটোৰ এগৰাকী সদস্যই কয় যে আমাৰ গোটটোত বৰ্তমান ৩১গৰাকী সদস্য আছে আৰু তাৰ কিছু যুৱতীয়ে অধ্যয়ন কৰি আছে। বহুতেই ইয়াৰ উপাৰ্জনৰে নিজৰ পঢ়াৰ খৰচ উলিয়াইছে। স্বাবলম্বীতাৰ আন এক নিদৰ্শন দাঙি ধৰিছে এই গোটটোৱে।

           আজিৰ নাৰী যে সাহসৰ প্ৰতীক তাকেই প্ৰমাণ কৰিছে এই ‘নিৰ্ভয়া কেটাৰিং গোটে। আনহাতে এই কৰ্মোদ্যমী যুৱতী কেইগৰাকীয়ে নিজৰ কৰ্মৰ যোগেদি বহুজনৰ প্ৰশংসা বুটলিবলৈও সক্ষম হৈছে ।

You might also like