নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পশ্চিম কাৰ্বি আংলঙত বন্যহস্তীৰ আক্ৰমণত নিহত মহিলা

নিয়মীয়া বাৰ্তা, ২৩ ডিচেম্বৰঃ ৰাজ্যত হস্তী-মানুহৰ সংঘাত অব্যাহত থকাৰ সময়তে পশ্চিম কাৰ্বি আংলঙত অঘটন । পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰণি বন সংমণ্ডলৰ অন্তৰ্গত খেৰণিৰ হাজাগাফেৰ অঞ্চলত দেওবাৰে নিশা তিনিটা বনৰীয়া হাতীয়ে প্ৰৱেশ কৰি উপদ্ৰৱ চলায় ।লগতে এই বন্যহস্তীৰ আক্ৰমণত মৃত্যু হয় শান্তি দেবী নামৰ এগৰাকী মহিলাৰ ।

উল্লেখ্য যে, নিশা তিনিটা বনৰীয়া হাতীয়ে হাজাগাফেৰ অঞ্চলত প্ৰৱেশ কৰি উপদ্ৰৱ চলাই থকাৰ সময়তে মহিলা গৰাকীয়ে নিজৰ প্ৰাণ বচাবলৈ দৌৰি পলাবলৈ চেষ্টা কৰাৰ সময়তেই হাতীকেইটাই আক্ৰমণ কৰে ।

ইফালে কেইবাটাও পৰিয়ালৰ ঘৰ ভাঙি মজুত কৰি ৰখা ধান খোৱাৰ লগতে বাসগৃহৰ বহু সামগ্ৰী ভাঙি চিঙি লণ্ড ভণ্ড কৰে ।

বিগত এমাহ ধৰি পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰণিৰ বিভিন্ন অঞ্চলত বনৰীয়া হাতীয়ে উপদ্ৰৱ অব্যাহত ৰাখিছে ।

You might also like