নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পশ্চিম বালিডোংগা প্ৰা: বিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সমাৰোহ

বিদ্যাঞ্জলী আঁচনিৰ প্ৰতি ব্যাপক সঁহাৰি

নিয়মীয়া বাৰ্তা,   ২০ নৱেম্বৰ : চৰকাৰৰ বিদ্যাঞ্জলী আঁচনিলৈ ব্যাপক সহাঁৰি প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ। মৰিগাঁও জিলাৰ লাহৰীঘাট প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত পশ্চিম বালিডোংগা প্ৰাথমিক বিদ্যালয়ত কালি উৎসৱ বিদ্যাঞ্জলী আৰু প্ৰাক্তন ছাত্ৰ ছাত্ৰী সমাৰোহ অনুষ্ঠিত হয়। এই অনুষ্ঠানত বিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী, অভিভাৱক আৰু অৱসৰপ্ৰাপ্ত শিক্ষক সকল উপস্থিত থাকে।সমাৰোহৰ লগত সংগতি ৰাখি অনুষ্ঠিত হোৱা মুকলি সভাত সভাপতিত্ব কৰে বালিডোংগা গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি জালাল উদ্দিনে। এই সভাতেই প্ৰাক্তন ছাত্ৰ ছাত্ৰী সকলে বিদ্যালয়খনৰ সমস্যা সমূহ জোৰা মৰিবলৈ বিদ্যাঞ্জলী আচঁনিৰ প্ৰতি ব্যাপক সহাৰি জনোৱা পৰিলক্ষিত হয়। কোনো প্ৰাক্তন ছাত্ৰয়ে তোৰণ নিৰ্মাণৰ দায়িত্ব লোৱাৰ লগতে আন কোনোবাই চাৰি সীমা নিৰ্মাণৰ দায়িত্ব লয়। আন একাংশই আন আন সমস্যা সমাধানৰ দায়িত্ব লয়। সভাখনতে প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সকলে বিদ্যালয়খনলৈ প্ৰায় ৫ লাখ টকাৰ সামগ্ৰী প্ৰদান কৰে। সভাত উপস্হিত থকা চি আৰ চিচিয়ে বিদ্যাঞ্জলী আচনিৰ প্ৰতি সহাৰি জনোৱা সকলো প্ৰাক্তন ছাত্ৰ ছাত্ৰীক ধন্যবাদ জনায়।

You might also like