নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দ্বিতীয় টি-২০ত ৬৫ ৰানত পৰাস্ত নিউজিলেণ্ড; সূৰ্যকুমাৰৰ অপৰাজিত ১১১

নিয়মীয়া বাৰ্তা, ২০ নৱেম্বৰ: টি-২০ শৃংখলাৰ দ্বিতীয়খন খেলত ভাৰতে নিউজিলেণ্ডক ৬৫ ৰানত পৰাস্ত কৰে। টিম ইণ্ডিয়াৰ হৈ এই খেলখনত বিধ্বংসী বেটিং কৰি অপৰাজিত শতক অৰ্জন কৰে সূৰ্যকুমাৰ যাদৱে। আনহাতে দীপক হুডাই ৪ উইকেট দখল কৰে। যুজবেন্দ্ৰ চাহালে লাভ কৰে ২টা উইকেট।

প্ৰথমে বেটিং কৰি ভাৰতে নিউজিলেণ্ডক ১৯২ ৰানৰ লক্ষ্য বান্ধি দিছিল। এই লক্ষ্য আগত লৈ নিউজিলেণ্ডে মাত্ৰ ১২৬ ৰানতে আটাইকেইটা উইকেট হেৰুৱাই ইনিংছ সামৰে। দলটোৰ হৈ সৰ্বাধিক কেন উইলিয়ামছনে অৰ্ধশতক অৰ্জন কৰে।

প্ৰথমে বেটিং কৰি টিম ইণ্ডিয়াই ২০ অভাৰত ৬টা উইকেট হেৰুৱাই ১৯১ ৰান সংগ্ৰহ কৰে। য’ত শতক অৰ্জন কৰে সূৰ্যকুমাৰ যাদৱে। তেওঁ মাত্ৰ ৫১টা বলৰ সন্মুখীন হৈ অপৰাজিত ১১১ ৰান সংগ্ৰহ কৰে। সূৰ্যকুমাৰৰ ইনিংছত ১১টা চাৰি আৰু ৭টা ছয় আছিল। ইয়াৰোপৰি ঈশান কিষানে ৩১টা বলত ৩৬ ৰান সংগ্ৰহ কৰে। লগতে শ্ৰেয়াছ আয়েৰ আৰু হাৰ্দিক পাণ্ডিয়াই ১৩ ৰানকৈ সংগ্ৰহ কৰি আউট হয়।

You might also like