নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্ৰয়াত সিংহ পুৰুষ ধীৰেণ ভৰালীৰ সোঁৱৰণত গ্ৰন্থ উন্মোচন

নিয়মীয়া বাৰ্তা, ১৯ নৱেম্বৰঃ পছৰীয়াৰ বিশিস্ট নাগৰিক ধীৰেন ভৰালী আছিল আধুনিক মনৰ মানুহ। বৃহত্তৰ হাজো অঞ্চলৰ প্ৰায় সকলোবোৰ সামাজিক আৰু শৈক্ষিক অনুষ্ঠান স্থাপনত আগভাগ লোৱা সকলৰ ভিতৰত অন্যতম আছিল ধীৰেন ভৰালী। কোনো ইতিহাসবিদে আধুনিক হাজো অঞ্চলৰ ইতিহাস লিখোতে ধীৰেন ভৰালীৰ অৱদানৰ কথা উল্লেখ নকৰিলে সেই ইতিহাস হৈ অসম্পূৰ্ণ হৈ ৰ’ব। আজি পছৰীয়াত আদ্য শ্ৰাদ্ধ উপলক্ষে প্ৰয়াত ধীৰেন ভৰালীৰ বাসভৱনত আয়োজিত এক স্মৃতিচাৰণ সভাত ভৰালীৰ স্মৃতিত প্ৰকাশিত শ্ৰদ্ধাঞ্জলি গ্ৰন্থ এখনি উন্মোচন কৰি বিশিষ্ট লেখক তথা ভাৰতীয় প্ৰশাসনিক সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়া থানেশ্বৰ মালাকাৰে এইদৰে কয়। তেওঁ ধীৰেন ভৰালী পছৰীয়া অঞ্চলৰ ব্ৰেণ্ড এম্বাছেদৰৰ দৰে আছিল বুলিও মন্তব্য কৰে।

সভাত ভাষণ দি বিশিষ্ট কবি , সমালোচক শংকৰ শইকীয়াই কয় যে ধীৰেন ভৰালী আছিল বহুমুখী প্ৰতিভাৰ অধিকাৰী। সিংহপুৰুষ ভৰালী আছিল এগৰাকী সমাজহিতৈষী, স্বাধীনতা যুঁজাৰু আৰু আধুনিক পছৰীয়া নিৰ্মাতা। তেওঁ আৰু কয় যে প্ৰয়াত ধীৰেন ভৰালীক কোনোৱে সামাজিক কাৰণত বেয়া পাব পাৰে কিন্তু বৃহত্তৰ আধুনিক পছৰীয়া নিৰ্মাণত থকা ধীৰেন ভৰালীৰ অৱদান কোনেও অস্বীকাৰ কৰিব নোৱাৰে। ধীৰেন ভৰালী আছিল পছৰীয়াৰ প্ৰাণ, পছৰীয়াৰ আত্মা। সভাত বিশিষ্ট অতিথি হিচাপে ভাষণ দি বিশিষ্ট শিক্ষাবিদ -সাহিত্যিক তথা দদৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ পৰেশ বৈশ্য ই কয় যে ধীৰেন ভৰালী আছিল আধুনিক শিক্ষাৰ স্তাৱক। বৃহত্তৰ হাজো অঞ্চলৰ প্ৰায় প্ৰতিটো শিক্ষানুষ্ঠানৰ গঢ়াৰ ক্ষেত্ৰত প্ৰয়াত ভৰালীয়ে লৈছিল অগ্ৰণী ভূমিকা। বিশেষকৈ পছৰীয়া কুশল কোঁৱৰ হাইস্কুল গঢ়াত ধীৰেন ভৰালীৰ অৱদান আছিল অপৰিসীম। তেওঁ আৰু কয় যে ধীৰেন ভৰালী আছিল প্ৰগতিশীল চিন্তাৰ বাহক। কুৰি শতিকাৰ পঞ্চাশৰ দশকতেই তেওঁ বৃহত্তৰ অঞ্চলটোত অন্ধ বিশ্বাস আৰু কুসংস্কাৰৰ বিপৰীতে জনমত গঠনত আগভাগ লৈছিল। পছৰীয়া কুশল কোঁৱৰ হাইস্কুলৰ অৱসৰপ্ৰাপ্ত শিক্ষক মদন শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত উক্ত স্মৃতিচাৰণ সভাত বিশিষ্ট সমাজকৰ্মী ভূপেন ডেকা, কবি তথা অৱসৰপ্ৰাপ্ত শিক্ষক অনিল শৰ্মা আদিয়ে ভাষণ দি ধীৰেন ভৰালীৰ সামাজিক অৱদানৰ কথা স্মৰণ কৰে। সভাৰ আঁত ধৰে সোঁৱৰণী গ্ৰন্থ খনৰ সম্পাদনাৰ অন্যতম সদস্য প্ৰবীণ কাকতিয়ে । ১৯২৪ চনত জন্মগ্ৰহণ কৰা ভৰালীয়ে যোৱা ৭ নবেম্বৰত ৯৮ বছৰ বয়সত মৃত্যু বৰণ কৰে। আজিৰ স্মৃতি চাৰণ সভাত ভৰালীৰ বিদেহ আত্মাৰ চিৰ শান্তি কামনা কৰি এক মিনিট মৌন প্ৰাৰ্থনা কৰা হয়।

input: দিলীপ মেধি, শুৱালকুছি

You might also like