নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মিছামাৰীৰ গাভৰু নদীৰ দলঙৰ ওপৰত তীব্ৰবেগী ৰেলৰ খুন্দাত মহিলাৰ মৃত্যু

নিয়মীয়া বাৰ্তা, ১৯ নৱেম্বৰঃ শোণিতপুৰ জিলাৰ মিছামাৰী ৰেলৱে ষ্টেচন সমীপৰ গাভৰু নদীৰ দলঙৰ ওপৰত আজি পুৱাৰ ভাগত ৰঙিয়া অভিমুখী তীব্ৰবেগী মালবাহী এখন ৰেলে এগৰাকী মহিলাক খুন্দিওৱাৰ ফলত দুৰ্ভগীয়া মহিলা গৰাকী মৃত্যুক আকোঁৱালি ল’বলগীয়া ঘটনাটোৱে চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ প্ৰত্যক্ষদৰ্শী সকলে জানিবলৈ দিয়ামতে পুৱা ৯-৩০ মান বজাত এগৰাকী মহিলা নদীখনৰ দলঙত উঠি পাৰ হ’বলৈ চেষ্টা কৰোঁতে সিটো দিশৰ পৰা অৰ্থাৎ ৰঙাপৰাৰ পৰা ৰঙিয়া অভিমুখে যোৱা এখন তীব্ৰবেগী মালবাহী ৰেলে মহিলা গৰাকীক সন্মুখভাগৰ পৰা খুন্দিওৱাৰ ফলত মহিলাগৰাকী দলংখনৰ ৰেলৰ চিৰিৰ মাজত থকা লোহাৰ প্লেটত পৰি যায় ৷ ৰেলৰ চকাত কাট খোৱাৰ পৰা মহিলাগৰাকী ৰক্ষা পৰে যদিও লোৰ প্লেটৰ ওপৰত পৰি মূৰৰ উপৰি কেইবা ঠাইত জখম হৈ মূৰ্মুষু অৱস্থাত পৰি ৰয় ৷ ৰেলখন পাৰ কৰাৰ পাছত প্ৰত্যক্ষদৰ্শী সকলে দুৰ্ভগীয়া মহিলাগৰাকীৰ কাষ চাপে আৰু ডাংকোলা কৰি দলং খনৰ মাজৰ পৰা উলিয়াই আনে আৰু ৰেল লাইনৰ কাষত ৰাখি তাইক মৃত্যুৰ পৰা ৰক্ষা কৰিবলৈ যৎপৰোনাস্তি চেষ্টা চলাই ৷

স্থানীয় আৰক্ষী থানাত খবৰ দিয়া, ৰেল আৰক্ষীক খবৰ কৰা, মৃত্যুঞ্জয় ১০৮ সেৱা ফোন কৰি মাতি পঠিওৱা আদি কৰি থাকোঁতে দুৰ্ভগীয়া মহিলা গৰাকী তাতেই শেষ নিশ্বাস ত্যাগ কৰে ৷ কিছুসময়ৰ পাছত ৰঙাপৰা ৰেলৱে ষ্টেচনৰ পৰা ৰেল আৰক্ষী আহে আৰু মহিলা গৰাকীক চিনাক্ত কৰি তাইৰ মৃতদেহ ৰঙাপৰালৈ লৈ যায় ৷ ৰেল আৰক্ষীৰ পৰা জনামতে মহিলা গৰাকী মানসিক বিকাৰগ্ৰস্ত আৰু প্ৰায়ে ৰঙাপৰা ৰেলৱে ষ্টেচনত টহল দিয়া দেখিবলৈ পাইছিল ৷ মহিলাগৰাকীৰ নাম নাজানিলেও তাই এগৰাকী নেপালী সম্প্ৰদায়ৰ মহিলা বুলি ৰেল আৰক্ষীয়ে জানিবলৈ দিছে ৷ ৰেল আৰক্ষীয়ে আৰু জানিবলৈ দিয়ামতে মৃত মহিলা গৰাকীৰ এজনী কন্যা লখিমপুৰৰ হাৰমতিত বিয়া দিয়া আছে আৰু তাই ৰেলত উঠি প্ৰায়ে কন্যাৰ ঘৰত অহাযোৱা কৰি আছিল৷

আনহাতে পূৱ অভিমুখী ৰেলত গ’লে তাই প্ৰায়ে ওদালগুৰি ৰেল ষ্টেচনত ৰেলৰ পৰা নামিছিল বুলি জানিবলৈ দিছে ৷ গতিকে মহিলা গৰাকী লখিমপুৰৰ হাৰমতি নাইবা ওদালগুৰিৰ বাসিন্দা হ’ব পাৰে বুলি ৰেল আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে ৷

input: বগা তপ্ন, মিছামাৰী

You might also like