নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বগীনদীৰ চাৰি গৰাকী লোকলৈ দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমৰ আন্তঃৰাষ্ট্ৰীয় দুৰ্নীতি বিৰোধী বঁটা ঘোষণা

নিয়মীয়া বাৰ্তা, ১৯ নৱেম্বৰ : দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমে বিগত বৰ্ষবোৰৰ দৰেই এইবাৰো ৯ ডিচেম্বৰত আন্তঃৰাষ্ট্ৰীয় দুৰ্নীতি বিৰোধী দিৱসৰ উপলক্ষে “আন্তঃৰাষ্ট্ৰীয় দুৰ্নীতি বিৰোধী বঁটা” প্ৰদান কৰিব । এই বৰ্ষ লখিমপুৰ জিলাৰ বগীনদী প্ৰেছ ক্লাবৰ দুগৰাকী সাংবাদিক সহঃ বগীনদীৰ মুঠ চাৰি গৰাকীলৈ জিলাভিত্তিক ভাৱে আন্তঃৰাষ্ট্ৰীয় দুৰ্নীতি বিৰোধী বঁটা ঘোষণা কৰা হৈছে ।

বগীনদী প্ৰেছ ক্লাবৰ সদস্য তথা অসমীয়া প্ৰতিদিন কাকতৰ সাংবাদিক দিপ প্ৰতিম বৰা,‌ আমাৰ অসম কাকতৰ সাংবাদিক তথা লখিমপুৰ জিলা সাংবাদিক সংস্থাৰ প্ৰাক্তন সভাপতি মজিন সোণোৱাল, বগীনদীৰ কদম কছাৰীৰ নিৱাসী অৱসৰপ্ৰাপ্ত শিক্ষক, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ লখিমপুৰ জিলাৰ সভাপতি তথা বিহু সুৰক্ষা সমিতিৰ লখিমপুৰ জিলাৰ সভাপতি চক্ৰধৰ সোণোৱাল, চাউলধোৱাৰ মিলনপুৰৰ নিবাসী প্ৰতিষ্ঠিত ব্যৱসায়ী তথা সমাজকৰ্মী কল্যাণ গগৈক এই বঁটা প্ৰদান কৰা হ’ব । অহা ৯ ডিচেম্বৰত সংগঠনটোৱে গুৱাহাটী মহানগৰীত আয়োজন কৰা আন্তঃৰাষ্ট্ৰীয় দুৰ্নীতি বিৰোধী দিৱসৰ লগত সংগতি ৰাখি অসমৰ বিভিন্ন বিশিষ্ট ব্যক্তিৰ লগতে বগীনদীৰ এই চাৰিগৰাকীলৈ এই সম্মান প্ৰদান কৰা হ’ব। আজিৰ এই বঁটা ঘোষণা কৰা কাৰ্যসূচীত দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমৰ লখিমপুৰ জিলা সমিতিৰ সভাপতি গুণমনি দত্ত, সাধাৰণ সম্পাদক লিখন খাটনিয়াৰ, নগৰ সমিতিৰ সভাপতি ইমদাদ হাজৰিকা , সাধাৰণ সম্পাদক প্ৰণৱ গগৈ উপস্থিত থাকে ।

প্ৰেৰক ভূবন গৌতম 

You might also like