পৰিৰ্বতনৰ নামত মাজুলীত প্ৰহসনঃ টুলুঙা নাৱত বিপদসংকুল যাতায়ত ভকতচাপৰিবাসীৰ
নিয়মীয়া বাৰ্তা, ৯ এপ্ৰিল: দ্বীপ জিলা মাজুলীৰ অতি স্পৰ্শকাতৰ নামনি মাজুলীৰ অন্তৰ্গত ভকতচাপৰিৰ ১৬ খন গাঁৱৰ ৰাইজে যাতায়তৰ ক্ষেত্ৰত দীৰ্ঘ বছৰৰ পৰা জীয়াতু ভুগি আহিছে প্ৰধান কৈ গোৱাল গাঁও-পহুমৰা পাৰঘাটত এখন টুলুঙা নাৱত বিপদ জনক ভাৱ জীৱন মৰনৰ পন গনি বিদ্যালয় – মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্রী ,বিভিন্ন অঞ্চলত কৰ্মৰত চাকৰিয়াল ব্যক্তি, অঞ্চলটোৰ কেইবাখনো বিদ্যালয়ত কৰ্মৰত শিক্ষক-শিক্ষয়িত্ৰী লগতে বেংক, বজাৰ সমাৰ আদি কৰা বাবে দৈনিক শ শ যাত্ৰী উক্ত ঘাটটোৱে দি অহা যোৱা কৰি আহিছে ।বিশেষকৈ পুৱা 7:30 বজাৰ পৰাই উক্ত ঘাটটোত যাত্ৰীয়ে ভিৰ কৰা দেখা যায়।উল্লেখ যে এই ঘাটটোৱে দি শ্ৰীলুহিত উচ্চ মাধ্যমিক বিদ্যালয়, জোনাকী জাতীয় বিদ্যালয়, অৰুণোদয় উচ্চ মাধ্যমিক বিদ্যালয় আৰু নামনি মাজুলী মহাবিদ্যালয় ত অধ্যয়ন কৰি থকা ছাত্ৰ-ছাত্ৰী সকল জীৱন মমতা লৈ পাৰাপাৰ হয় ।নদী খন সংকুচিত হৈ অহা বাবে এই কেইদিন অত্যাধিক পানীৰ সোঁত পৰা পৰিলক্ষিত হোৱাত পৰিস্থিতিয়ে সচেতন মহলক চিন্তিত কৰি তুলিছে । আজি প্ৰায় ১০/১২ বছৰে উক্ত পাৰঘাটোত দলং নিৰ্মাণ ৰ বাবে আবেদন-নিবেদন কৰা পিছতো উক্ত পাৰঘাটোত দলং নিৰ্মাণৰ বাবে কোনো এখন চৰকাৰেই গুৰুত্ব প্ৰদান নকৰিলে । বিশেষ সূত্ৰ পৰা জনা মতে উক্ত পাৰঘাটোত যোৱা বৰ্ষত এখন কাঠৰ দলং নিৰ্মাণৰ বাবে জৰীপ কৰা হৈছিল যদিও কাৰ কু-মন্ত্ৰণাৰ বলি হৈ বিভাগীয় কৰ্তৃপক্ষই দলং নিৰ্মাণৰ ব্যৱস্থা নকৰিলে সেয়া আজিও অঞ্চলটোৰ ৰাইজৰ মাজত ৰহস্য হৈয়ে থাকিল। পৰিবৰ্তন কামী বিজেপি চৰকাৰ আৰু বিভাগীয় কৰ্তৃপক্ষক এই ১৬ খন গাৱৰ ৰাইজৰ বিলাই বিপত্ত, যাতায়তৰ সু-ব্যৱস্থা গ্ৰহণ কৰিবলৈ সচেতন ৰাইজ দল সংগঠনে আহ্বান জনাইছে ।
প্ৰেৰকঃ প্ৰাঞ্জল খাউণ্ড