নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পৰীক্ষা দিবলৈ গৈ উভতি নাহিল মৌচুমী

নিয়মীয়া বাৰ্তা, ৩১ ডিচেম্বৰঃ মঙলবাৰে মহানগৰীৰ সমীপৰ ধোপগুৰিৰ কৰাইগুৰিত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত থিতাতে নিহত হ’ল এগৰাকী ডিমৰীয়া মহাবিদ্যালয়ৰ ছাত্ৰী। নিহত ছাত্ৰীগৰাকীৰ নাম মৌচুমী বিশ্বাস ।

পৰীক্ষা দিবলৈ চাইকেলেৰে গৈ থকা অৱস্থাতে তীব্ৰবেগী ডাম্পাৰে খুন্দিয়াই থৈ যায় মৌচুমীক । যাৰ ফলত থিতাতে মৃত্যুক সাৱতি লয় মৌচুমীয়ে ।

উল্লেখ্য যে কলং নদীত আৰক্ষী প্ৰশাসনক মেনেজ কৰি অবৈধ ভাৱে বালিৰ খনন অব্যাহত ৰাখিছে এটা দুস্ত চক্ৰই! যাৰ বাবে দিনে নিশাই গাঁৱৰ পথৰ মাজেৰে দাম্পাৰৰ দৌৰাত্ম বাবে প্ৰায়ে সংঘটিত হৈ আহিছে এনে দুৰ্ঘটনা। কিন্তু মঙলবাৰৰ এই দুৰ্ঘটনাৰ পিছতে সমগ্ৰ অঞ্চলটোত উতাপ্ত পৰিস্থিতিয়ে বিৰাজ কৰিছে ।

You might also like