নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ফ্লেটত সংঘটিত ভয়ংকৰ অগ্নিকাণ্ডত প্রাণ গ’ল ৪ বছৰীয়া শিশুৰ

নিয়মীয়া বাৰ্তা, ১ মাৰ্চঃ গুৱাহাটীৰ বেলতলাৰ বশিষ্ঠপুৰত সংঘটিত হূদয়বিদাৰক ঘটনাৰ আজি পুনৰাবৃত্তি ঘটিল শিলচৰত৷ এটা ফ্লেটত সূত্রপাত ঘটা ভয়ংকৰ অগ্ণিকাণ্ডত কৰুণ মৃত্যুক সাবটি লয় এটি চাৰিবছৰীয়া শিশুৱে৷ ঘটনা সন্দর্ভত প্রত্যক্ষদর্শীয়ে জানিবলৈ দিয়া মতে,  স্থানীয় একাংশ লোকে শিলচৰৰ অম্বিকাপট্টিৰ পূব নৰসিং ৰোডস্থিত ‘দীনেশ এনক্লেভ’ৰ চতুর্থ মহলাৰ পৰা জুইৰ শিখা দেখিবলৈ পায়৷ জুই দেখাৰ পাছতেই ৰাইজৰ মাজত হুৱাদুৱা লাগে৷ লগে লগে অগ্ণিনির্বাপক বাহিনী আৰু আৰক্ষীক খবৰ দিয়া হয় ৷ সেইমর্মে অগ্নিনির্বাপক বাহিনী ঘটনাস্থলীত উপস্থিত হৈছিল যদিও জুইৰ মাজত আবদ্ধ হৈ পৰা ৪ বছৰীয়া শিশু ৰাজদীপ নাথক ৰক্ষা কৰিব নোৱাৰিলে৷ অগ্নিকাণ্ডত শিশুটিৰ ৰখীয়া হিচাপে থকা তথা দুর্ভগীয়া ঘৰখনৰ বনকৰা ছোৱালীজনী আহত হয়৷ গুৰুতৰভাৱে আহত ছোৱালীজনীক ইতিমধ্যে উদ্ধাৰ কৰি শিলচৰ মেডিকেল কলেজ হাস্পতালত ভর্তি কৰোৱা হৈছে৷ অগ্নিকাণ্ডৰ সময়ত শিশুটিৰ পিতৃ ৰমেন্দু নাথ আৰু মাতৃ সর্ববাণী নাথ ফ্লেটত উপস্থিত নাছিল৷ দুয়ো পেছাগত কাৰণত বাহিৰত আছিল৷ আন দিনাৰ দৰেই বনকৰা ছোৱালীৰ হাতত শিশুক এৰি গৈছিল৷ ইফালে ফ্লেটটোত কি কাৰণত জুইৰ সূত্রপাত ঘটিল, সেয়া বর্তমানপর্যন্ত পোহৰলৈ অহা নাই৷ আৰক্ষীয়ে ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে৷ সন্ধিয়া কাছাৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকে ঘটনাস্থলী পৰিদর্শন কৰি দণ্ডাধীশ তদন্তৰ নির্দেশ দিয়ে৷ তদন্তৰ প্রতিবেদন ১৫ দিনৰ ভিতৰত দাখিল কৰিবলৈও নির্দেশ দিয়ে৷

You might also like