নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বকো হাইস্কুলৰ “হীৰক জয়ন্তী” বৰ্ষৰ কাৰ্য্যসূচী ৰূপায়ণ সন্দৰ্ভত সংবাদ মেল

 

নিয়মীয়া বাৰ্তা; ৭ মে’ – মানৱ সম্পদ গঢ়া প্ৰতিস্থান কামৰূপ জিলাৰ ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠান বকো উচ্চ মাধ্যমিক বিদ্যালয়ৰ অহা বৰ্ষত ৭৫ বৰ্ষ পূৰ্তি হ’ব। সেই উপলক্ষে সমাগত ” হীৰক জয়ন্তী ” বৰ্ষৰ কাৰ্য্যসূচী ৰূপায়ণ কৰিবলৈ যাৱতীয় কাম-কাজৰ বাবে অগ্ৰগতিৰ খতিয়ান জনাবলৈ আজি আয়োজন কৰে হীৰক জয়ন্তী বৰ্ষ উদযাপন সমিতিৰ এখন সংবাদ মেল। বকো হাইস্কুলৰ হীৰক জয়ন্তী উৎসৱ উদযাপন সমিতিৰ সভাপতি তথা বকো সমষ্টিৰ প্ৰাক্তন বিধায়ক জ্যোতিপ্ৰসাদ দাসে আত ধৰে সংবাদ মেলৰ। সংবাদ মেলত হীৰক জয়ন্তী বৰ্ষৰ শুভাৰম্ভণীৰ কাৰ্য্যসুচী নিৰুপন কৰা কথা ঘোষণা কৰে। সংবাদ মেল যোগে জনোৱা মতে অহা ২০২৪ বৰ্ষৰ ৪ ফেব্ৰুৱাৰীত হীৰক জয়ন্তী বৰ্ষ উদযাপনৰ শুভাৰম্ভণী অনুষ্ঠান আয়োজন কৰা হ’ব আৰু ৭৫ খন পতাকা উত্তোলনেৰে আৰম্ভ হ’ব হীৰক জয়ন্তী বৰ্ষৰ কাৰ্য্যসূচী। ইফালে উক্ত বৰ্ষৰ ১৫ ; ১৬ আৰু ১৭ নৱেম্বৰত বৰ্ষজোৰা কাৰ্য্যসুচীৰ সামৰণি অনুষ্ঠান অনুষ্ঠিত হ’ব। বকো হাইস্কুলৰ হীৰক জয়ন্তী বৰ্ষ উদযাপন সমিতিৰ সাধাৰণ সম্পাদক তথা প্ৰধান শিক্ষক ৰাজেশ মহন্তৰ তৎপৰতাত আয়োজন কৰা সংবাদ মেলত উপস্থিত থাকে অভ্যৰ্থনা সমিতিৰ গিৰীন্দ্ৰ কুমাৰ চৌধুৰী ; পৰাণজ্যোতি দাস ; উপদেষ্টা সৰ্বেশ্বৰ মহন্ত ; প্ৰচাৰ বিভাগৰ দায়িত্বত থকা বশিষ্ঠ দেৱ শৰ্মা ; শিক্ষক কন্দৰ্প বড়ো ; নিৰঞ্জন বড়োকে ধৰি অভ্যৰ্থনা সমিতিৰ বহু কেইজন বিষয় ববীয়া। সংবাদ মেলত জানিব দিয়া মতে হীৰক জয়ন্তী বৰ্ষৰ লগত সংগতি ৰাখি এখন স্মৃতিগ্ৰন্থ প্ৰকাশৰ দিহা কৰি স্মৃতিগ্ৰন্থৰ বাবে লেখনি বিচাৰি লেখকলৈ আহ্বান জনায় সংবাদ মেলৰ জৰিয়তে।

প্ৰেৰক – বকোৰ পৰা বিষ্ণু ৰাম দাস।

You might also like