নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বকোৰ ২ নং মাকেলী বড়োপাৰাত আঁহতৰ তলত মুকলি বিহু উদযাপন

নিয়মীয়া বাৰ্তা ;  ৭ মে’ – ৰাজ্যত ইমুৰৰ পৰা সিমুৰলৈ আয়োজন কৰি অহা হৈছে বাপতি সাহোন ৰঙালী বিহুৰ কাৰ্য্যসূচী।এই উপলক্ষে কামৰূপ জিলাৰ বকোৰ ২ নং মাকেলী বড়োপাৰাত ৰামধেনু যুৱক সংঘৰ উদ্যোগত আজি অষ্টম বাৰ্ষিক মুকলি ৰঙালী বিহু সন্মিলন আয়োজন কৰে। মুকলি বিহু উদযাপন সমিতিৰ সভাপতি ৰাজু বড়োই পতাকা উত্তোলনেৰে শুভাৰম্ভ কৰে বিহুৰ কাৰ্য্যসূচী। ইয়াৰ পিছতে বৃক্ষৰোপণ আৰু স্থানীয় ল’ৰা – ছোৱালীৰ মাজত বিভিন্ন খেল-ধেমালি প্ৰতিযোগিতা অনুষ্ঠিত হয়। ইফালে দিনৰ ১১ বজাত মুকলি ৰঙালী বিহুৰ সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰে ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যবাহী পাৰিষদ নগৰমল স্বৰ্গীয়াৰীয়ে। উদ্বোধনী ভাষণত তেওঁ মুকলিভাৱে আঁহত গছৰ তলত অনুষ্ঠিত কৰি অহা এই বিহুৰ উদ্যোক্তা সকলক ভূয়সী প্ৰশংসা কৰে। তেওঁ অতীতৰ বিহুৰ কথা ৰোমন্থন কৰি সকলোকে আৱেগিক কৰি এফাঁকি আঁহতৰ তলত বিহু নচা গীত পৰিৱেশন কৰে । মুকলি বিহুৰ অতিথি হিচাপে উপস্থিত থাকি বিহুৰ তাৎপৰ্য্যৰ ওপৰত বক্তব্য ৰাখে গাঁওখনৰ যুৱ শিক্ষক পৱিত্ৰ কৈৱৰ্ত্ত‌ইও । অসম চৰকাৰৰ নতুন নিযুক্তি পাবৰ বাবে যোগ্যতা অৰ্জন কৰা কণমন মেধিকো উপস্থিত আটায়ে অভিনন্দন জনায়। মুকলি অনুষ্ঠানত উপস্থিত থাকে স্থানীয় ব্যৱসায়ী তথা বাঁহী বাদন শিল্পী ৰহেশ্বৰ বড়ো ; মণ্টু কলিতা ; মহৎ বড়ো ; মনবীৰ বড়ো ; নৃপেন কৈৱৰ্ত্ত ; ফুলেন কলিতা ;অজয় কলিতা ; ৰঘুনাথ বড়ো ; নলিনী মালো তথা গাঁওখনৰ যুৱক-যুৱতী সহ ৰাইজ গয়ৰহৰ ব্যক্তি সকল।

প্ৰেৰক – বকোৰ পৰা বিষ্ণু ৰাম দাস।

You might also like