নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বজালী আৰক্ষীয়ে জ্বলালে ১৬২.১ কিলোগ্ৰাম গাঞ্জা

নিয়মীয়া বাৰ্তা,  ৩০ জুলাইঃ আজি বজালী জিলা আৰক্ষীয়ে এক বুজন পৰিমাণৰ নিষিদ্ধ গাঞ্জা জ্বলাই দিয়ে৷ বজালী জিলা আৰক্ষী অধীক্ষক ধৰ্মেন্দ্ৰ দাসৰ নেতৃত্বত আজি পুৱাৰ ভাগত জিলা ড্ৰাগ নিষ্কাশন সমিতিৰ বিষয়ববীয়াৰ উপস্থিতিত বজালী জিলাৰ বাংলিপাৰাত পহুমাৰা নদীৰ পাৰত সৰ্বমুঠ ১৬২.১ কিলোগ্ৰাম গাঞ্জা জ্বলাই দিয়া হয়৷ জিলা আৰক্ষী অধীক্ষক ধৰ্মেন্দ্ৰ দাসে জানিবলৈ দিয়া অনুসৰি আজি জ্বলাই দিয়া এই বুজন পৰিমাণৰ গাঞ্জাসমূহ বজালী আৰক্ষীয়ে বিভিন্ন সময়ত অবৈধ সৰবৰাহকাৰীৰ পৰা জব্দ কৰিছিল৷ উল্লেখ্য যে বজালী জিলা আৰক্ষীয়ে বিগত সময়ত কেবাদিনো গোপন সুত্ৰৰ পম খেদি ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত ট্ৰাককে আদি কৰি বিভিন্ন যান বাহনৰ পৰা অবৈধভাৱে সৰবৰাহ কৰা এই নিচাজাতীয় সামগ্ৰীসমূহ জব্দ কৰাৰ লগতে কেবাগৰাকী সৰবৰাহকাৰীকো বিভিন্ন সময়ত আটক কৰিছিল৷

প্ৰেৰকঃ কল্যাণ কলিতা

You might also like