নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাঁহজানীৰ ভদ্ৰা-বৰমুৰিকোণা পথত বৃহৎ গাত; লোকনিৰ্মাণ বিভাগৰ কানসাৰ নোহোৱাত ক্ষোভ ৰাইজৰ

নিয়মীয়া বাৰ্তা, ২৯ জুলাইঃ লোক নিৰ্মাণ বিভাগৰ(পথ) নলবাৰী গ্ৰাম্য সংমণ্ডলৰ অধিনৰ বাঁহজানীৰ এটি ব্যস্ত পথত বৃহৎ মৰনফান্দ গাত এটি ৰাইজক অতিষ্ঠ কৰি তুলিছে। আজি সংবাদ মাধ্যমক ৰাইজে জনোৱা মতে বহুবাৰ বিভাগক জনোৱাৰ পিছতো আজিলৈ কোনো ব্যৱস্থা গ্ৰহণ নকৰা বুলি তীব্ৰ ক্ষোভ প্ৰকাশ কৰে।উল্লেখ্য যে বাঁহজানীৰ ভদ্ৰা- বৰমুৰিকোণা পথটোত এটি বৃহৎ গাতৰ সৃষ্টি হয় বিগত এমাহ পূৰ্বেই। যাতায়াত ব্যস্ত পথটোৰে কেইবাখনো বিদ্যালয়,মহাবিদ্যালয়, বজাৰৰ লগতে দৈনিক চৰকাৰী কাৰ্যালয়লৈ কেইবাশতাধিক ৰাইজ অহা যোৱা কৰে। আনকি পথটোৰ উক্ত গাতোৰ বাবে দুই এজন লোক দুৰ্ঘটনাটো পতিত হোৱা বুলি ৰাইজে জনায়।অথচ চৰকাৰ,জনপ্ৰতিনিধি, লোক নিৰ্মাণ বিভাগে পথৰ উন্নয়ন হোৱা বুলি ৰৌজাল বৌজাল কৰি প্ৰচাৰ কৰি থাকে।কিন্তু উল্লিখিত পথটো অতি ব্যস্ত হোৱাৰ পিছতো পথটোৰ বৃহৎ গাতটো মাৰি দি যাতায়াত সুচল নকৰা বাবে ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।শীঘ্ৰে পথটোৰ গাটো মাৰি যাতায়াত সুচল কৰিবলৈ ৰাইজে কৰ্তৃপক্ষক দাবী জনাইছে।অন্যথা বিভাগৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰাৰ সকিয়নী দিয়ে।
  প্ৰাঞ্জল শৰ্মা,বাঁহজানী
You might also like