নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১ আগষ্টত কৃষ্ণকান্ত সন্দিকৈ বিশ্ববিদ্যালয়ত (KKHSOU) নামভর্তি

নিয়মীয়া বাৰ্তা, ২৯ জুলাইঃ কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ত ১ আগষ্টৰ পৰা অনলাইনযোগে ইয়াৰ বিভিন্ন পাঠ্যক্রমত নামভর্তি প্রক্রিয়া আৰম্ভ হ’ব৷ মূলতঃ পৰম্পৰাগত শিক্ষা ব্যৱস্থাই সামৰিব নোৱাৰা শিক্ষার্থীসকলৰ শৈক্ষিক জীৱনত যাতে কোনো বাধা নাহে, তাৰ বাবে এই মুক্ত বিশ্ববিদ্যালয়খনে স্নাতক, স্নাতকোত্তৰ, ডিপ্ল’মা আৰু চার্টিফিকেট পাঠ্যক্রম আগবঢ়াই আহিছে৷ বিশ্ববিদ্যালয় অনুদান আয়োগৰ নির্দেশনা অনুসৰি মুক্ত বিশ্ববিদ্যালয়খনে শিক্ষার্থীসকলৰ সহায়ক হোৱাকৈ দ্বৈত পাঠ্যক্রমত নামভর্তিৰ সুযোগো প্রদান কৰিছে৷ ইয়াৰ বাহিৰেও নামভর্তিৰ ক্ষেত্রত লেটাৰেল এণ্ট্ৰি দৰে বিশেষ সুবিধাৰ ব্যৱস্থাও কৰিছে৷

লক্ষণীয় যে এই বিশ্ববিদ্যালয়খনৰ জৰিয়তে কেইবা লাখো শিক্ষার্থী উপকৃত হৈছে৷ বিশ্ববিদ্যালয়খনৰ গুৱাহাটীস্থিত কার্যালয়ৰ উপৰিও ইচ্ছুক শিক্ষার্থীসকলে নামভর্তিৰ বাবে যাৱতীয় তথ্য–পাতি বিশ্ববিদ্যালয়ৰ ৱেবছাইট ww.kkhsou.inî জৰিয়তে লাভ কৰিব পাৰিব৷

You might also like