নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাইহাটা চাৰিআলিৰ ৰাসোৎসৱত মন্ত্ৰী ড০ শৰ্মা

শুৱালকুছিৰ নকল বস্ত্ৰ ব্যৱসায়ীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ

গুৱাহাটী ১৫ নৱেম্বৰঃ বৃহস্পতিবাৰে সন্ধিয়া মদন কামদেৱ আৰু বাইহাটা চাৰিআলি কেন্দ্ৰীয় ৰাস মহোৎসৱত উপস্থিত হয় কেন্দ্ৰীয় বিত্ত স্বাস্থ্য আৰু গড়কাপ্টানী মন্ত্ৰী তথা স্থানীয় বিধায়ক ড০ হিমন্ত বিশ্ব শৰ্মা। ড০ শৰ্মা উপস্থিত হৈ সকলোকে ৰাসৰ শুভেচ্ছা জনায়। তেওঁ ৰাস কমিটীসমূহৰ অসুবিধাৰ বুজ লয় আৰু বাইহাটা চাৰিআলি কেন্দ্ৰীয় ৰাস মহোৎসৱত এটি স্থায়ী সভাগৃহ স্থাপনৰ অনুমোদন জনায়। আনহাতে শুৱালকুছিত নকল কাপোৰ আৰু সূতা বিক্ৰী কৰাক লৈ সাংবাদিকে সোধা এক প্ৰশ্নত ড০ শৰ্মাই কয় যে ইতিমধ্যে কামৰূপ জিলাৰ অধীক্ষকক এইক্ষেত্ৰত কঠোৰ নিৰ্দেশ দিয়া হৈছে। বেনাৰস পাট-মুগা কাপোৰ কোনো অসাধু ব্যৱসায়ীয়ে শুৱালকুছিৰ স্থানীয় পাট-মুগাৰ বুলি বিক্ৰী কৰে, সেই সকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল’বলৈ মন্ত্ৰী গৰাকীয়ে জিলা প্ৰশাসনক নিৰ্দেশ দিয়ে।

You might also like