নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাক্সাৰ জালাহত ৰাষ্ট্ৰীয় গণিত দিৱস উদযাপন

নিয়মীয়া বাৰ্তা, ২২ ডিচেম্বৰ : বাক্সা জিলাৰ জালাহ ছোৱালী হাইস্কুলত আজি “এইড এট এক্সন”( AIDE ET ACTION) আৰু সমগ্ৰশিক্ষা অভিযান মিছনৰ জালাহ খণ্ডৰ যুটীয়া উদ্যোগত ৰাষ্ট্ৰীয় গণিত দিৱস উদযাপন কৰে। এই উপলক্ষে পুৱা বৃক্ষৰোপন কাৰ্যসূচী ৰূপায়ন কৰাৰ পিছত জালাহ ছোৱালী হাইস্কুলৰ প্ৰধান শিক্ষক ধনঞ্জয় বড়োৰ সঞ্চালনাত “সাম্প্ৰতিক সময়ত গণিতৰ প্ৰয়োজনীয়তা ” শীৰ্ষক এখন আলোচনা চক্ৰ অনুষ্ঠিত হৈ যায়। পাটাছাৰকুছিস্থিত বজালী শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ৰ গণিত বিষয়ৰ অধ্যাপিকা ড০ চন্দনা দেৱীয়ে সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰা সভাত বি বি কিষাণ মহাবিদ্যালয়, জালাহৰ অধ্যক্ষ কেশৱ বসুমতাৰী,খণ্ড সমল ব্যক্তি উমানন্দ বড়ো, অঞ্চলী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ শশীন্দ্ৰ খাটনিয়াৰ, অৱসৰপ্ৰাপ্ত শিক্ষক ডিম্বেশ্বৰ দাস,বি বি কিষাণ মহাবিদ্যালয়, জালাহৰ সহযোগি অধ্যাপক হেদায়ৎ উল্লাহ, জালাহ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক নৱ ঠাকুৰীয়া, এইড এট এক্সনৰ শিক্ষা মিত্ৰ মানসী দাস, বিশ্বজিৎ ডেকা, হিৰক বৰ্মন, মন্দিৰা ব্ৰহ্ম, হিমাংশু বড়ো, মণ্ডল সমল কেন্দ্ৰৰ সমন্বয়ক হেমন্ত দাস, হংস দাস, ধনজিৎ দাসকে আদি কৰি কেবাগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে । ইয়াৰ পিছত বি বি কিষাণ মহাবিদ্যালয়, জালাহ ৰ অধ্যক্ষ কেশৱ বসুমতাৰীয়ে ৰাষ্ট্ৰীয় গণিত দিৱস উপলক্ষে ছাত্ৰ ছাত্ৰী সকলে উপস্থাপন কৰা গণিত মেলাৰ প্ৰকল্প সমূহ ৰঙাফিটা কাটি আনুষ্ঠানিকভাৱে উদ্বোধন কৰে ।এই প্ৰকল্প উপস্থাপনৰ জড়িয়তে ছাত্ৰ ছাত্ৰী সকলে গণিতৰ বিভিন্ন যাদু প্ৰদৰ্শন কৰা পৰিলক্ষিত হয়। পুৱাৰ ভাগত বজালী শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ৰ অধ্যাপিকা ড০ চন্দনা দেৱী, অসম সমগ্ৰ শিক্ষা অভিযান মিছনৰ জালাহ খণ্ডৰ সমল ব্যক্তি উমানন্দ বড়ো, জালাহ ছোৱালী হাইস্কুলৰ প্ৰধান শিক্ষক ধনঞ্জয় বড়ো , অঞ্চলী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ শশীন্দ্ৰ খাটনিয়াৰ , মণ্ডল সমল ব্যক্তি হেমন্ত দাস আৰু হিমাংশু বড়োৱে বৃক্ষৰোপন কৰে ।

প্ৰেৰক: দিগন্ত দাস

You might also like