নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিটিএডিত হোৱা নাই সকলোৰে সম উন্নয়ন

গোসাঁইগাঁৱত দলীয় সভাত মিত্র দলক জয়ন্ত মল্লৰ কটাক্ষ

নিয়মীয়া বাৰ্তা, ১ মাৰ্চঃ ভাৰতীয় জনতা পার্টীৰ মূল লক্ষ্য আৰু উদ্দেশ্য হ’ল দেশৰ সকলো প্রান্তত বসবাস কৰা সকলো জাতি–জনগোষ্ঠীৰ সম অধিকাৰ আৰু সম উন্নয়ন হোৱা৷ কিন্তু বিটিএডি এলেকাত বসবাস কৰা জাতি–জনগোষ্ঠীৰ সম উন্নয়ন আৰু সম অধিকাৰ পৰিলক্ষিত হোৱা নাই৷ যাৰ বাবেই বিজেপি দলে আগন্তুক বিটিচি নির্বাচনত অংশগ্রহণ কৰাৰ সিদ্ধান্ত লৈছে৷ এই মন্তব্য অসমৰ পর্যটন বিভাগৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাৰ৷ গোসাঁইগাঁৱত অনুষ্ঠিত দলীয় সভাত মুখ্য অতিথি হিচাপে উপস্থিত হৈ বৰুৱাই লগতে আৰু কয় যে জনসাধাৰণৰ উন্নয়নৰ প্রতি পিঠি দিয়া কোনো দলকে বিজেপিয়ে ৰেহাই নিদিয়ে সেয়া মিত্রদলেই নহওক কিয়৷ বৰুৱাই কয় যে বিটিএডিত এখন দুর্নীতিমুক্ত আৰু উন্নয়নশীল চৰকাৰ গঠনৰ বাবে বিজেপি আগুৱাই আহিছে আৰু নির্বাচনত জয়ী হৈ চৰকাৰত থকাটো খাটাং৷ আনহাতে প্রতিটো নির্বাচনৰ পূর্বে বিটিএডিৰ বিজেপি কর্মীসকলক ভয়–ভাবুকি প্রদান কৰা হয় বুলি উল্লেখ কৰি এইবেলি কোনো কর্মীক ভয়–ভাবুকিৰ ঘটনা সংঘটিত হ’লে বিহিত ব্যৱস্থা লোৱা হ’ব বুলি কঠোৰ সকীয়নি দিয়ে বৰুৱাই৷ গোসাঁইগাঁও চহৰস্থিত মাৰোৱাৰী বিবাহ ভৱনৰ সমীপত পথাৰত শৰাইবিল মণ্ডল সমিতিৰ উদ্যোগত আয়োজিত সভাৰ আঁত ধৰে কোকৰাঝাৰ জিলাৰ সাধাৰণ সম্পাদক দেৱৰাজ পালে৷

You might also like