বিদেশী পর্যটকৰ বাবে মাজুলী ভ্রমণত প্রতিবন্ধকতা নাই
নিয়মীয়া বাৰ্তা, ১১ মাৰ্চঃ ন’ভেল ক’ৰোনা ভাইৰাছ ৰোগৰ সংক্রমণৰ আশংকাক লৈ মাজুলী জিলাত পূর্ণ সতর্কতা অৱলম্বন কৰা হৈছে যদিও দেশী–বিদেশী পর্যটকৰ আগমনৰ ক্ষেত্রত কোনোধৰণৰ বাধা নিষেধ আৰোপ কৰা হোৱা নাই৷ বিষয়টো স্পষ্ট কৰি মাজুলী জিলা প্রশাসনে মঙলবাৰে প্রকাশ কৰে যে ন’ভেল ক’ৰোনা ভাইৰাছ প্রতিৰোধৰ প্রট’কল অনুসৰি মাজুলীত প্রৱেশৰ পূর্বে বিদেশী পর্যটকৰ স্বাস্থ্য পৰীক্ষা (স্ক্রীনিং) নিশ্চিত কৰাৰহে ব্যৱস্থা গ্রহণ কৰিছে প্রশাসনে৷
ন’ভেল ক’ৰোনা ভাইৰাছৰ স্ক্রীনিঙৰ প্রমাণ–পত্র লগত থকা পর্যটকৰ বাবে মাজুলী আগমনত কোনোধৰণৰ প্রতিবন্ধকতা নাই বুলি মাজুলীৰ উপায়ুক্ত বিক্রম কৈৰীয়ে স্পষ্ট কৰি দিয়ে৷ ইফালে, মাজুলী জিলা স্বাস্থ্য বিভাগে ইতিমধ্যে মাজুলীতো ন’ভেল ক’ৰোনা ভাইৰাছৰ স্ক্রীনিঙৰ সম্পূর্ণ ব্যৱস্থা কৰা হৈছে৷