নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰঞ্জন দৈমাৰীক সাধাৰণ ক্ষমাদান–নিয়মীয়া জামিন দিয়াৰ দাবী এনডিএফবি–ইউপিপিএলৰ

নিয়মীয়া বাৰ্তা, ২১ ফেব্ৰুৱাৰীঃ বড়ো শান্তি চুক্তিৰ পৰিপ্রেক্ষিতত চাৰি সপ্তাহৰ বাবে বিশেষ জামিনত মুকলি আকাশৰ তললৈ ওলাই অহা এন ডি এফ বিৰ নেতা ৰঞ্জন দৈমাৰীৰ বৃহস্পতিবাৰে জামিনৰ ম্যাদ ওৰ পৰে৷ গুৱাহাটী উচ্চ ন্যায়ালত দৈমাৰীয়ে জামিনৰ ম্যাদ বৃদ্ধিৰ বাবে দাখিল কৰা আবেদনৰ পৰিপ্রেক্ষিতত তেওঁ পুনৰ কাৰাগাৰলৈ যোৱাটো নিশ্চিত হৈ পৰে৷

ইয়াৰ পিছতেই ৰঞ্জন দৈমাৰীক সাধাৰণ ক্ষমাদান, নিয়মীয়া জামিন দিয়াৰ দাবী জনাইছে এনডিএফবি, ইউপিপিএলে৷ এনডিএফবি (এছ)ৰ সভাপতি বি আৰ চাওৰাইগৌৰাই এই সম্পর্কত কয় যে ৰঞ্জন দৈমাৰী নেতৃত্বাধীন এনডিএফবিয়ে যিহেতু ইতিমধ্যে চৰকাৰৰে শান্তি চুক্তি স্বাক্ষৰ কৰি মূলসুঁতিলৈ উভতি আহিছে, সেয়ে চৰকাৰে তেওঁক সাধাৰণ ক্ষমাদান কৰিব লাগে৷ সেইদৰে এনডিএফবিৰ অন্যান্য নেতা–কেডাৰৰ বিৰুদ্ধে থকা অন্যান্য গোচৰসমূহো চৰকাৰে প্রত্যাহাৰৰ ব্যৱস্থা কৰিব লাগে৷ একেই দাবী এনডিএফবিৰ অন্য এক গোটৰ নেতা ধীৰেন বড়োৰ৷ বড়োৱে কয় যে ৰঞ্জন দৈমাৰীয়ে যিহেতু বিটিআৰ চুক্তিৰ জৰিয়তে অস্ত্র সম্বৰণ কৰি মূলসুঁতিলৈ আহিছে, সেয়ে তেওঁক সাধাৰণ ক্ষমাদান কৰিব লাগে৷ এইক্ষেত্রত চৰকাৰে প্রয়োজনীয় পদক্ষেপ গ্রহণ কৰিব লাগে৷ এনডিএফবিৰ চাৰিওটা গোটৰ অন্যান্য নেতা–কেডাৰৰ বিৰুদ্ধে ৰুজু হৈ থকা গোচৰসমূহো চৰকাৰে প্রত্যাহাৰ কৰিব লাগে৷ বিটিআৰ চুক্তিৰ জৰিয়তে যিহেতু সমস্যাৰ ৰাজনৈতিক সমাধান হ’ল, সেয়ে আন্দোলনকাৰীসকলক সাধাৰণ ক্ষমাদান কৰিলেহে অর্থৱহভাৱে সমস্যাৰ সমাধান কৰা হ’ব৷

ইপিনে, ইউ পি পি এলৰ সভাপতি উর্খাও গৌৰা ব্রহ্ময়ো বড়ো শান্তি চুক্তিখন বাস্তৱত ৰূপায়ণ কৰাৰ স্বার্থত ৰঞ্জন দৈমাৰীৰ চাৰি সপ্তাহৰ বিশেষ জামিন নিয়মীয়া জামিনলৈ ৰূপান্তৰিত কৰি মুকলি আকাশৰ তলত থকাৰ ব্যৱস্থা কৰিবলৈ চৰকাৰক দাবী জনায়৷

You might also like