বিহালীৰ পথাৰত বনৰীয়া হাতীঃ শ শ বিঘা কৃষি ভূমি নষ্ট
নিয়মীয়া বাৰ্তা, ৩০ অক্টোবৰঃ বিগত কেইবাদিন ধৰি বিহালী অঞ্চলৰ বিভিন্ন ঠাইত পথাৰৰ পকা ধানৰ ওপৰত বনৰীয়া হাতীৰ জাকে একাদিক্ৰমে উপদ্ৰৱ চলাই ধান খেতিৰ বিস্তৰ ক্ষতি সাধন কৰি আহিছে।
উল্লেখ্য যে আজি কিছুদিনৰ আগতে ৪০ ৰ পৰা ৫০ জনীয়া বনৰীয়া হাতীৰ জাক এটা কাজিৰঙা ষষ্ঠ সংযোজনৰ পৰা আহি বিহালী বৰাজুলি পথাৰ, নাচবৰ, বেঙাবাৰী আদিত প্ৰৱেশ কৰি বাহৰ পাতি থাকি নিশা হলেই পথাৰত উপদ্ৰৱ চলাই আহিছে। বৰগাং বনবিভাগৰ ফালৰ পৰা বয়সীয়া বনকৰ্মী সকলে স্থানীয় ৰাইজৰ সহযোগত হাতীৰ জাকটো খেদি পঠাবলৈ প্ৰাৰ্যমানে প্রচেষ্টা চলাই আছে যদিও হাতীৰ জাকটোৱে কেতকুতেই নকৰা হৈছে।
সচেতন যুৱক পুতুল দাসে আজি বিহালীৰ ধান খেতিয়ক সকলে বনৰীয়া হাতীৰ বাবে মূৰে কপালে হাত দিবলগীয়া হৈছে আৰু এজন ধান খেতিয়ক হিচাপে ইয়াৰ মৰ্মবেদনা মৰ্মে মৰ্মে অনুভৱ কৰিছো বুলি দুখ প্ৰকাশ কৰিছে। তেওঁ কয় যে কৃষকৰ কেঁচা ঘাম মাটিত পেলাই উৎপাদন কৰা পকা ধান সমূহ বনৰীয়া হাতীৰ কবলৰ পৰা ৰক্ষা কৰাৰে ক্ষেত্ৰত বনবিভাগো চৰম ভাৱে বিফল হৈছে ।
বন বিভাগৰ বিষয়া কৰ্মচাৰীয়ে যদি আন্তৰিকতাৰে তেওঁ লোকৰ দায়িত্ব আৰু কৰ্তব্য পালন কৰিলে হেতেন তেতিয়া হ’লে নিশ্চিত ভাৱে কৃষকৰ উৎপাদিত পকা ধান সমূহ আংশিক ভাবে হ’লেও বনৰীয়া হাতীৰ কবলৰ পৰা ৰক্ষা পৰিলে হেঁতেন বুলি মত প্ৰকাশ কৰিছে। আনহাতে কৃষকৰ এই গুৰুত্বপূৰ্ণ সমস্যা টোক লৈ সকলোৰে মাত্ৰ উপহাস আৰু গা এৰা মনোভাৱ। এনেদৰে চলিলে হয়তো আৰু কিছু বছৰৰ পাছত বিহালীত ধান খেতি অতীত হব ,গতিকে সময় থাকোতে স্থায়ী ভাবে প্রতিৰোধ গঢ়ি তোলাৰ হকে বিজ্ঞান সন্মত পদ্ধতি গ্ৰহণ কৰিবলৈ ৰাইজে দাবী জনাইছে।
ইয়াৰ মাজতে আজি শেষ নিশা বনৰীয়া হাতীয়ে ৰাংছালীৰ ৰঞ্জিত গোৱালা আৰু শিৱ দাস নামৰ দুজন খেতিয়কৰ ঘৰ দুৱাৰ ভাঙি ভিতৰত সা-সামগ্ৰী লণ্ড-ভণ্ড কৰি চাউলপাত খাই তহিলং কৰি থৈ যায়। হাতীয়ে ৰঞ্জিত গোৱালা ব্যক্তি জনৰ চাহ পুলিৰ নাৰ্ছাৰী খনৰো বিস্তৰ ক্ষতি সাধন কৰি থৈ যায়। বটিয়ামাৰীৰ প্ৰদীপ দাসৰো ঘৰ দুৱাৰ ভাঙি তহিলং কৰি সা-সম্পত্তিৰ বিস্তৰ ক্ষতি সাধন কৰে। ৰাইজে বৰগাঙৰ বানাঞ্চলিক বিষয়া গৰাকীৰ গাফিলটিৰ কথা স্পষ্ট ভাবে উল্লেখ কৰিছে।
Input: অমিতাভ বৰুৱা, বৰগাং