নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লিয়েণ্ডাৰ পেজ–নাফিছা আলী ছোধিৰ তৃণমূল কংগ্রেছত যোগদান

পশ্চিমবংগৰ পৰা দেশজুৰি সাংগঠনিক ভেটি বিস্তাৰ মমতাৰ দলৰ

নিয়মীয়া বাৰ্তা ৩০ অক্টোবৰঃ পশ্চিমবংগৰ পৰা তৃণমূল কংগ্রেছৰ যাত্রা এতিয়া সমগ্র দেশলৈ সম্প্রসাৰিত হৈছে৷ আজি অভিনেত্রী নাফিছা আলী ছোধি আৰু টেনিছ তাৰকা লিয়েণ্ডাৰ পেজে যোগদান কৰে তৃণমূল কংগ্রেছত৷ গোৱাত মমতা বেনার্জীৰ উপস্থিতিত দুয়োগৰাকী বিশিষ্ট ব্যক্তিয়ে তৃণমূলত যোগদান কৰাৰ লগে লগে আগন্তুক লোকসভা নির্বাচনৰ পূর্বে দেশৰ বিভিন্ন অঞ্চললৈ মমতাৰ দলৰ সাংগঠনিক ভিত্তি বৃদ্ধি পোৱাৰ উমান পোৱা গৈছে৷ গোৱাৰ বিধানসভা নির্বাচনৰ পূর্বে তৃণমূলৰ শীর্ষ নেত্রীগৰাকীয়ে কেন্দ্রীয়শাসিত ৰাজ্যখনত উপস্থিত হোৱাৰ লগে লগে বিৰোধী দলসমূহৰ মাজত সৃষ্টি হয় আতংক৷ উল্লেখনীয় যে অভিনেত্রী নাফিছা আলী ছোধিয়ে লোকসভা নির্বাচনত কংগ্রেছ প্রার্থী হিচাপে প্রতিদ্বন্দ্বিতা কৰিছিল মমতা বেনার্জীৰ বিৰুদ্ধে৷ কলকাতা দক্ষিণ সমষ্টিৰ পৰা নাছিফাই মমতা বেনার্জীৰ বিৰুদ্ধে প্রতিদ্বন্দ্বিতা কৰি পৰাজয়বৰণ কৰিবলগীয়া হৈছে৷ তৃণমূল কংগ্রেছ দল এতিয়া দেশৰ ৰাজনীতিত আটাইতকৈ প্রভাৱশালী বুলি উল্লেখ কৰে নাফিছা আলীয়ে৷ ইফালে মমতা বেনার্জীক চেম্পিয়ন আখ্যা দিয়ে লিয়েণ্ডাৰ পেজে৷

You might also like