নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শৈক্ষিক স্খলন ডিব্রুগড়ত শ্রেণীকোঠাতে দশম–একাদশৰ একাংশ শিক্ষার্থীৰ প্রচণ্ড মাৰপিট

এযোৰ ডেস্ক–বেঞ্চৰ বাবেই ‘লংকাকাণ্ড’

নিয়মীয়া বাৰ্তা ৩০ অক্টোবৰঃ এখন শিক্ষানুষ্ঠানত শ্রেণীকোঠাৰ ভিতৰতে দুটা ফৈদৰ ছাত্রৰ মাজত প্রচণ্ড মাৰপিট, ঘুচিয়াঘুচি৷ বেঞ্চ–ডেস্ক দলিয়াহ দিছে ছাত্রৰ গাৰ ওপৰত৷ দাক্ষিনাট্যৰ চিনেমাৰ কায়দাৰে মাজে মাজে ফ্লাহং কিক৷ এক শিহৰণকাৰী দৃশ্য৷ একাংশ ছাত্র দর্শকৰ ৰূপত নিলগত৷ নিমিষতে লণ্ডভণ্ড হৈ গ’ল বিদ্যালয়ৰ প্রায়বিলাক আচবাব৷ ভুল নুবুজিব এয়া কোনো চিনেমাৰ দৃশ্যৰ শ্বুটিং নহয়৷ ডিব্রুগড়ৰ এখন বিদ্যালয়ত সংঘটিত এক ভয়ংকৰ ঘটনাৰ এক ৰূপৰেখাহে মাথোঁ৷ সমগ্র ঘটনাৰ কেন্দ্রবিন্দু এযোৰ ডেস্ক–বেঞ্চ৷ ডিব্রুগড়ৰ মদাৰখাটত সংঘটিত হৈছে এহ ঘটনা৷ দশম আৰু একাদশ শ্রেণীৰ ছাত্রৰ মাজত সংঘটিত হৈছে এনে ভয়ংকৰ কাণ্ড৷ একাংশ উদণ্ড ছাত্রহ পাঠদান আৰম্ভ হোৱাৰ পূর্বেহ ভাঙি লণ্ডভণ্ড কৰে শ্রেণীকোঠাৰ সকলো আচবাব৷

ঘটনাটো ডিব্রুগড় জিলাৰ লাহোৱালৰ মদাৰখাত সীতাৰাম চৌখানী ডচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ৷ বৃহত্তৰ অঞ্চলটোত অৱস্থিত সীতাৰাম চৌখানী ডচ্চতৰ মাধ্যমিক বিদ্যালয়ত সংঘটিত হোৱা ঘটনাহ শৈক্ষিক আৰু বৌদ্ধিক মহলতো ব্যাপক খলকনি তুলিছে৷ হফালে এহ ঘটনাৰ পিছতে অতি দুর্ভাগ্যজনক আখ্যা দিছে বিদ্যালয়ৰ প্রধান শিক্ষয়িত্রীগৰাকীয়ে৷ হতিমধ্যে বিদ্যালয়খনৰ কেহবাজনো ছাত্রৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা আৰু অভিভাৱকক অৱগত কৰাৰ লগতে আৰক্ষীকো অৱগত কৰিছে ঘটনা সংক্রান্তত৷ জানিব পৰা মতে, দশম শ্রেণীৰ পৰা একাদশ শ্রণীলৈ এযোৰ বেঞ্চ–ডেস্ক অনাৰ পিছতে দুয়োটা শ্রেণীৰ ছাত্রসকলৰ মাজত পাঠদান আৰম্ভ হোৱাৰ পূর্বেহ এনে ঘটনা সংঘটিত হয়৷ শ্রেণীকোঠাৰ ভিতৰতে দুহপক্ষৰ ছাত্রৰ মাজত প্রচণ্ড মাৰপিটকে ধৰি বেঞ্চ–ডেস্ক ভাঙি চূৰমাৰ কৰা ঘটনাহ আজিৰ প্রজন্ম তথা ছাত্র সমাজৰ চূড়ান্ত নৈতিক স্খলনকে প্রমাণিত কৰিছে৷ স্বয়ং ক্লাছ ৰুমৰ ভিতৰতে কুৰুক্ষেত্র সদৃশ কাণ্ড হোৱাৰ পিছতো শিক্ষাগুৰুসকলো কিংকর্তব্যবিমূঢ় হৈ পৰাত স্বাভাৱিকতে বহু দিশ ডন্মোচিত হৈছে৷

ইফালে একাংশ ছাত্রহ জানিবলৈ দিয়া মতে, দুজন ছাত্রৰ মাজত তর্কাতর্কি হোৱাৰ পাছত ছাত্রজনে আন এজন ছাত্রক লক্ষ্য কৰি এডাল জাড়ু দলিয়াহ দিছিল৷ হয়াৰ পাছতে ফিৰিঙতি পৰা খাণ্ডৱদাহ হোৱাৰ দৰে শ্রেণীকোঠাৰ ভিতৰতে দুহপক্ষৰ ছাত্রৰ মাজত প্রচণ্ড মাৰপিটকে ধৰি বেঞ্চ–ডেস্ক ভাঙি চূৰমাৰ কৰা ঘটনা সংঘটিত হয়৷ অভিযোগ মতে বৃহত্তৰ অঞ্চলটোত পূর্বেও এনে ঘটনা সংঘটিত হৈ আহিছে৷ পূর্বে বিদ্যালয়খনৰ প্রৱেশ পথতে ছাত্রৰ দুটা ফৈদৰ মাজত প্রচণ্ড মাৰপিট সংঘটিত হৈছিল৷ একাংশ সচেতন মহলে অভিযোগ কৰা মতে, অধ্যক্ষা অর্পণা বুঢ়াগোহাঁয়ে শিক্ষানুষ্ঠানলৈ কোনোদিন সময়মতে নহাৰ লগতে নিয়মানুবর্তিতা বজাহ ৰখাত ব্যর্থ হৈ আহিছে৷ শিক্ষক–শিক্ষয়িত্রী সকলো নিজৰ খেয়াল খুচিমতে উপস্থিত হয় যদিও অধিকাংশহ এনড্রইদ ম’বাহল লৈ ছ’চিয়েল মিডিয়াত ব্যস্ত থকাৰ অভিযোগ ডঠিছে৷ যাৰ বাবে সামান্য বিষয় এটাৰ পৰা দুটা শ্রেণীৰ ছাত্রৰ মাজত কুৰুক্ষেত্র সদৃশ দণ্ড, দুর্বাদল হতাহতি হৈ বিদ্যালয়ৰ পৰিৱেশ বিনষ্ট হোৱাৰ দৰে পৰিস্থিতি ডদ্ভৱ হ’বলৈ পালে বুলি অভিযোগ কৰিছে৷ এসময়ৰ গৌৰৱোজ্জ্বল শিক্ষানুষ্ঠানখনৰ এনে ঘটনাহ সমগ্র অঞ্চলটোত গভীৰ প্রতিক্রিয়া সৃষ্টি হৈছে৷

You might also like