বৈঠালাংছʼত ৩১ গ্ৰাম হিৰʼইন সহ ড্ৰাগছ সৰবৰাহকাৰী যুৱক আটক
নিয়মীয়া বাৰ্তা, ১০ জানুৱাৰীঃ পশ্চিম কাৰ্বি আংলং জিলাত ড্ৰাগছৰ বিৰুদ্ধে তীব্ৰ অভিযান অব্যাহত ৰাখিছে বৈঠালাংছʼ আৰক্ষীয়ে। বৈঠালাংছʼ আৰক্ষীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সত্যজিৎ বৰাৰ নেতৃত্বত এটা আৰক্ষীৰ দলে বৈঠালাংছʼ সমীপৱৰ্তী লংজাপ বজাৰত সোমবাৰে এক অভিযান চলাই এখন হোটেলৰ পৰা ড্ৰাগছ সৰবৰাহৰী সুশীল দাসক আটক কৰে। ধৃত যুৱক জনৰ পৰা আৰক্ষীয়ে ৩১ গ্ৰাম হিৰʼইনসহ এটা মʼবাইল ফোন,১২ টা খালি কন্টেইনাৰ উদ্ধাৰ কৰে। উল্লেখ্য যে, হামৰেণ আৰু বৈঠালাংছʼ অঞ্চলৰ বিভিন্ন ড্ৰাগছ আসক্ত যুৱকক সুশীল দাসে ড্ৰাগছৰ যোগান ধৰি আহিছে । আৰক্ষী সূত্ৰে প্ৰাপ্ত তথ্য অনুসৰি ধৃত সুশীল দাসে জিলাখনৰ বিভিন্ন প্ৰান্তৰ ড্ৰাগছ আসক্ত যুৱকক মাৰাত্মক ড্ৰাগছ যোগান ধৰি আহিছে। উক্ত যুৱকসকলক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিবলৈ ড্ৰাগছ সৰবৰাহকাৰীসকলক যিকোনো বিনিময়ত আটক কৰাৰ বাবে অভিযান তীব্ৰ কৰি তুলিব বুলি আৰক্ষীয়ে প্ৰকাশ কৰে । ইতিমধ্যে আৰক্ষীয়ে ধৃত সুশীল দাসৰ লগত জড়িত সকলৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে ।