নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ৰোনাৰ আক্ৰান্ত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং

নিয়মীয়া বাৰ্তা, ১০ জানুৱাৰীঃ  দেশত দ্ৰুতগতিত বিয়পিছে ক’ৰোনাৰ সংক্ৰমণ। আজি ক’ৰোনাৰ আক্ৰান্ত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং। নিজ টুইটাৰ পৰা এই খবৰ জনাইছে প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে। তেওঁ টুইট কৰি লিখিছে- “আজি মৃদু লক্ষণৰ সৈতে মোৰ ক’ৰোনাৰ ফলাফল পজিটিভ আহিছে। বৰ্তমান মই হোম কোৱাৰেণ্টীনত আছো। শেহতীয়াকৈ মোৰ সংস্পৰ্শলৈ অহা সকলো লোককে নিজকে পৃথক কৰি ক’ৰোনা পৰীক্ষা কৰিবলৈ অনুৰোধ জনাইছো।”

উল্লেখ্য যে ইয়াৰ পূৰ্বে, গৃহ ৰাজ্যিক মন্ত্ৰী নিত্যানন্দ ৰায় আৰু স্বাস্থ্য ৰাজ্যিক মন্ত্ৰী ভাৰতী পানৱাৰো কৰোনা পজিটিভ হৈছিল।

You might also like