নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উপৰাষ্ট্ৰপতি ! অস্বীকাৰ সাংসদ ভূৱনেশ্বৰ কলিতাৰ, দৰ্শকৰ সংখ্যা বঢ়োৱাৰ কৌশল ইউ টিউব চেনেলৰ

নিয়মীয়া বাৰ্তা, ১০ জানুৱাৰীঃ বিগত কিছুদিন ধৰি সামাজিক মাধ্যমত উপ-ৰাষ্ট্ৰপতি আসনত বিজেপি দলে সাংসদ ভূৱনেশ্বৰ কলিতাক প্ৰক্ষেপ কৰিব বুলি ভাইৰেল হোৱা এটি খবৰ সন্দৰ্ভত আজি ৰঙিয়াত সাংসদগৰাকীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি খবৰটো মিছা বুলি স্পষ্ট কৰি দিয়ে । ভাইৰেল হোৱা খবৰটো খণ্ডন কৰি সাংসদগৰাকীয়ে এয়া দৰ্শকৰ সংখ্যা বঢ়োৱাৰ বাবে কোনো ইউটিউব চেনেলে এটাই বাতৰি পৰিবেশন কৰা কৌশল বুলি অভিহিত কৰি ৪২ লাখ লোকে ভিডিঅ’টো চোৱা বুলি জনায় ।

উল্লেখ্য যে পৰবৰ্তী সময়ত উপ-ৰাষ্ট্ৰপতি আসনত বিজেপিয়ে ভূৱনেশ্বৰ কলিতাক প্ৰক্ষেপ কৰিব বুলি সামাজিক মাধ্যমত এটি বাতৰি ভাইৰেল হৈছিল । ইফালে ৰাজ্যসভাৰ দুয়োখন আসনতে বিজেপি তথা মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ী হব বুলি মন্তব্য কৰে । নিজৰ সংখ্যাৰে দুয়োখন আসনতে মিত্ৰজোট জয়ী হব বুলি দোহাৰে । বিৰোধীয়ে হৰ্চ ট্ৰেডিং হব বুলি কৰা অভিযোগ পোনচাটেই অস্বীকাৰ কৰে সাংসদগৰাকীয়ে । ৰঙিয়া ৰাইজ মেলৰ বছৰেকীয়া উৎসবত অংশগ্ৰহণ কৰি সাংসদ কলিতাই সংবাদ মাধ্যমে সোধা এক প্ৰশ্নৰ উত্তৰত সম্প্ৰতি অসমত বিৰোধী বুলি কোনো স্থিতি নাই বুলি কৰে । লগতে বিৰোধীৰ এজন উমৈহতীয়া প্ৰাৰ্থী নাথাকিব বুলি কটাক্ষ কৰে ।

প্ৰেৰকঃ ফাৰুক হুছেইন , ৰঙিয়া ।

You might also like