নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সংকটকাল

প্রথমতে বিশ্বজুৰি মন্দাৱস্থা আৰু তাৰ পাছতেই ক’ভিড–১৯ৰ ভয়ংকৰ দ্রুত সংক্রমণে দেশৰ অর্থনীতিক ভয়ংকৰ বিপর্যয়ৰ গৰাহলৈ ঠেলি দিছে৷ বিগত বর্ষত ভাৰতক ক’ভিড–১৯ৰ প্রথমটো জোৱাৰে ছানি ধৰিছিল৷ মাৰাত্মক ভাইৰাছৰ সংক্রমণ প্রতিৰোধকল্পে দেশজুৰি বলৱৎ কৰা লকডাউনৰ ফলত উদ্যোগৰ পৰা নির্মাণ, কৃষিৰ পৰা পর্যটনলৈ প্রতিটো খণ্ডতে পৰিছিল বিৰূপ প্রভাৱ৷ লাখ লাখ শ্রমিক–কর্মচাৰীয়ে কর্মসংস্থাপন হেৰুৱাবলগীয়া হৈছিল৷ পর্যায়ক্রমে লকডাউন শিথিল কৰি দিয়া পাছত দেশৰ অর্থনীতিত কিছু গতি লাভ কৰিবলৈ আৰম্ভ কৰে যদিও সূচনা হয় ক’ভিড–১৯ৰ দ্বিতীয়টো জোৱাৰৰ৷ এইবাৰ দেশজুৰি লকডাউন ঘোষণা কৰা হোৱা নাই যদিও কেইবাখনো ৰাজ্যই স্থানীয়ভাৱে লকডাউন বলৱৎ কৰাৰ উপৰি আনবোৰ ৰাজ্যই ইয়াৰ বিকল্প হিচাপে কঠোৰ বাধা–নিষেধ আৰোপ কৰিছে৷ যাৰ প্রভাৱ অর্থনীতিত নপৰাকৈ থকা নাই৷ কর্মচাৰী ভৱিষ্যনিধি সংগঠনৰ পৰিসংখ্যা বিশ্লেষণ কৰি ভাৰতীয় ষ্টেট বেংকৰ গৱেষণা শাখাই শেহতীয়াকৈ প্রকাশ কৰা তথ্যতে স্পষ্ট হৈছে ক’ভিড–১৯সৃষ্ট জটিল পৰিস্থিতিত দেশৰ অর্থনীতিয়ে সন্মুখীন হোৱা সংকটৰ বাস্তৱ ছবিখন৷

তথ্য অনুসৰি পূর্বৰ বিত্তীয় বর্ষতকৈ ২০২০–২১ বিত্তীয় বর্ষত ভাৰতৰ অর্থনীতিত নতুন কর্মসংস্থাপন সৃষ্টিৰ সংখ্যা ১৬.৯ লাখ হ্রাস পাইছে৷ এইদৰে নতুন কর্মসংস্থাপন সৃষ্টি হ্রাস পোৱাৰ সমান্তৰালভাৱে দেশত বৃদ্ধি পাইছে কর্মসংস্থাপনহীনৰ্ সংখ্যা৷ কেৱল যে চহৰাঞ্চলতে কর্মসংস্থাপনহীনৰ্ সংখ্যা বৃদ্ধি পাইছে তেনে নহয়, গ্রামাঞ্চলতো ব্যাপক হাৰত বাঢ়িছে নিবনুৱাৰ সংখ্যা৷ মাৰাত্মক ভাইৰাছৰ দ্রুত সংক্রমণে বিভীষিকাৰ সৃষ্টি কৰাৰ সময়তে হাজাৰ হাজাৰ লোক কর্মহীন হ’বলগীয়া হৈছে৷ ফলত অভাৱনীয়ভাৱে বিৰূপ প্রভাৱ পৰিছে দেশৰ অর্থনীতিত৷ চেণ্টাৰ ফৰ মনিটৰিং ইণ্ডিয়ান ইক’নমী নামৰ সংস্থাটোৰ সমীক্ষাৰ উদ্ধৃতিৰে সংবাদ মাধ্যমত প্রকাশিত বাতৰি অনুসৰি বিগত মে’ মাহৰ প্রথম সপ্তাহত দেশৰ গ্রামাঞ্চলত কর্মসংস্থাপনহীনৰ্ হাৰ আছিল ৭.২৯ শতাংশ৷ কিন্তু দ্বিতীয় সপ্তাহত এই হাৰ হৈছেগৈ ১৪.৩৪ শতাংশ৷ অর্থাৎ মাত্র ৭টা দিনৰ ব্যৱধানতে দেশৰ গ্রামাঞ্চলত দুগুণ লোকে কাম হেৰুৱাবলগীয়া হৈছে৷ চহৰাঞ্চলতো দেখা গৈছে একেই ছবি৷ মে’ মাহৰ প্রথম সপ্তাহৰ তুলনাত প্রায় তিনি গুণ বৃদ্ধি হৈ দ্বিতীয় সপ্তাহত চহৰাঞ্চলত কর্মসংস্থাপনহীন লোকৰ হাৰ হৈছে ১৪.৭১ শতাংশ৷ সামগ্রিকভাৱে দেশত এতিয়া কর্মসংস্থাপনহীন হ’ব লগা হৈছে ১৪.৪৫ শতাংশ লোক৷ এনেদৰে কর্মসংস্থাপনহীন লোকৰ সংখ্যা বৃদ্ধি হোৱাটো এখন দেশৰ বাবে নিশ্চিতভাৱে অতি চিন্তনীয় বিষয়৷

মাৰাত্মক ভাইৰাছৰ প্রথমটো জোৱাৰত বলৱৎ কৰা লকডাউন পর্যায়ক্রমে শিথিল কৰি দিয়াৰ পাছত কেন্দ্রীয় চৰকাৰৰ তৰফৰ পৰা বাৰম্বাৰ দাবী কৰা হৈছিল যে দেশৰ অর্থনীতিলৈ দ্রুততাৰে সুস্থিৰতা ঘূৰি আহিব৷ কিন্তু বাস্তৱত সেয়া পৰিলক্ষিত নহ’ল৷ ২০২০–২১ বিত্তীয় বর্ষৰ চতুর্থ ত্রৈমাসিকত দেশৰ মুঠ ঘৰুৱা উৎপাদন (জি ডি পি) বৃদ্ধিৰ অতি হতাশাজনক ছবিখনহে পৰিলক্ষিত হৈছে৷ কেন্দ্রীয় পৰিসংখ্যা মন্ত্রালয়ে শেহতীয়াকৈ প্রকাশ কৰা তথ্য অনুসৰি ২০২০–২১ বিত্তীয় বর্ষত দেশৰ অর্থনীতি ৭.৩ শতাংশ সংকুচিত হৈছে৷ যিটো বিগত ৪০ বছৰতকৈ অধিক সময়ৰ ভিতৰত আটাইতকৈ হতাশাজনক৷ দেশৰ অর্থনীতিৰ এই দুৰৱস্থাৰ মূলতে যে ক’ভিড–১৯, সেই কথা ইতিমধ্যে বিশেষজ্ঞসকলে একমুখে স্বীকাৰ কৰিছে৷

অৱশ্যে এইক্ষেত্রত বিশ্ব অর্থনীতিত দেখা দিয়া মন্দাৱস্থাৰো যথেষ্ট প্রভাৱ আছে৷ মাৰাত্মক ভাইৰাছে হয়তো ভাৰতবাসীৰ জীৱন–জীৱিকালৈ আৰু অধিক দুর্যোগ নমাই আনিব পাৰে৷ কিয়নো সমগ্র দেশৰ জনসাধাৰণক টিকাকৰণ কৰাৰ পূর্বে ক’ভিড–১৯ৰ তৃতীয়টো জোৱাৰৰ প্রাদুর্ভাৱ ঘটাৰ আশংকা প্রকাশ কৰিছে খোদ নিটি আয়োগে৷ অকল আশংকা প্রকাশ কৰাই নহয়, এই সন্দর্ভত দেশবাসীক উদ্দেশ্যি নিটি আয়োগৰ তৰফৰ পৰা এক সতর্কবাণী দিয়া হৈছে৷ কোৱা হৈছে যে অহা ছেপ্ঢেম্বৰ–ক্টোবৰ মাহতো ক’ভিড–১৯ৰ তৃতীয়টো জোৱাৰ আৰম্ভ হ’ব৷ পৰিস্থিতিৰ ভয়াৱহতাৰ প্রতি লক্ষ্য ৰাখি নিটি আয়োগে জনসাধাৰণক অধিক সচেতন আৰু সজাগ হ’বলৈও আহ্বান জনাইছে৷ এই আহ্বানৰ প্রতি ভাৰতবাসীয়ে গুৰুত্ব দিয়া উচিত৷ ইয়াৰ অন্যথা দেশৰ অর্থনীতিলৈ আন এক বিপর্যয় নামি অহাৰ সমান্তৰালভাৱে জনস্বাস্থ্যও বিঘ্ণিত হ’ব পাৰে৷

You might also like