নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগৰবেৰাত উদঙীয়া গৰুৰ সন্ত্ৰাস, অতিষ্ঠ জনসাধাৰণৰ ব্যৱস্থা গ্ৰহণৰ দাবী

নিয়মীয়া বাৰ্তা, নগৰবেৰা, ২৬ জুন : শেহতীয়াকৈ কামৰূপৰ নগৰবেৰাৰ ৰাজপথত জাক জাক উদঙীয়া গৰুৰ অবাধ বিচৰণক লৈ বিমোৰত পৰিছে পথচাৰী, বাহন চালক | পুৱাৰে পৰা সন্ধিয়া পৰ্যন্ত আনকি নিশাৰ ভাগতো জাক জাক গৰু-ছাগলী ৰাজপথত বিচৰণ কৰি থকাটো একধৰণৰ যেন নিয়মতহে পৰিণত হৈছে|

বিশেষকৈ সদাব্যস্ত নগৰবেৰা-শিমলীতোলা সংযোগী পথৰ পথালিপাৰা, কালুবাৰী, মালঞ্চা, মেধিপাৰা আদি গাঁৱত নিতৌ দেখা যায় গোধনৰ সমদল | যাৰ ফলত যান-বাহন চলাচলত ভীষণ অসুবিধা হয় | একাংশৰ মতে, উল্লেখিত গাঁওসমূহৰ বহুতৰে গোহালি নথকাৰ বাবেই এইদৰে পথাৰত এৰাল নিদি ৰাস্তাত গৰুবোৰক জুম বান্ধি সময় কটাবলৈ দিয়াটো সেইসকলৰ যেন একধৰণৰ অভ্যাসত পৰিণত হৈছে | নিতৌ এইদৰে ৰাজপথত গৰুবোৰ জাক পাতি পথ অৱৰোধ কৰাৰ ফলত বাইক কিম্বা যিকোনো যান-বাহনত খুন্দা লগা আৰু খুন্দিয়ালেই গৰাকীয়ে জৰিমনা আদায় লোৱাটোও অন্য এক পৰম্পৰাসদৃশ হোৱা বুলিও বহুতেই অভিযোগ উত্থাপন কৰিছে |

এইক্ষেত্ৰত আগলৈ ৰাজপথত জাক পাতি পিটপিটাই ফুৰা গৰুবোৰ আঁতৰাব নোৱাৰিলে পদে পদে বিপদৰ আশংকা ঘনীভূত হৈছে | নিতৌ চলাচল কৰা শতসহস্ৰ যান-বাহনৰ লগতে বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ নিৰাপদ যাতায়াতৰ স্বাৰ্থত বিহিত ব্যৱস্থা গ্ৰহণৰ বাবে স্থানীয় প্ৰশাসনক তৎপৰ হোৱাৰ আহ্বান জনাইছে সচেতন ৰাইজে।

You might also like