নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাঙি পেলোৱা হ’ল নামৰূপ সাৰ কাৰখানাৰ প্ৰথমটো গোট

ডিজিটেল ডেস্ক, নামৰূপ, ২৬ জুন : অসমৰ ঔদ্যোগিক ইতিহাসৰ এক স্মৰণীয় অধ্যায়ৰ সামৰণি পৰিল। ১৯৬৯ চনৰ ১ জানুৱাৰীত দেশৰ প্ৰথমটো প্ৰাকৃতিক গেছভিত্তিক সাৰ কাৰখানা হিচাপে উৎপাদন আৰম্ভ কৰা ঐতিহাসিক ‘নামৰূপ-১’ (Unit-1) সম্পূৰ্ণৰূপে ভাঙি পেলোৱা হৈছে। প্ৰায় ৫৭ বছৰৰ দীঘলীয়া যাত্ৰাৰ অন্তত এই ঐতিহাসিক ইউনিটটোৱে বিদায় ল’লে যদিও ইয়াৰ স্থানত গঢ় লৈ উঠিব অত্যাধুনিক অসম ভেলী ফাৰ্টিলাইজাৰ এণ্ড কেমিকেল কোম্পানী লিমিটেড (AVFCCL)ৰ নতুন এম’নিয়া-ইউৰিয়া প্ৰকল্প, যিয়ে অসমৰ শিল্প আৰু কৃষিখণ্ডত এক নতুন যুগৰ সূচনা কৰিব বুলি আশা কৰা হৈছে।

নামৰূপ-১ ইউনিটে দেশৰ সেউজ বিপ্লৱৰ সময়ছোৱাত কৃষকসকললৈ ইউৰিয়া সাৰ যোগান ধৰাৰ ক্ষেত্ৰত উল্লেখযোগ্য ভূমিকা পালন কৰিছিল। এই উদ্যোগটোক কেন্দ্ৰ কৰিয়েই নামৰূপ এক সৰু অঞ্চলৰ পৰা অসমৰ অন্যতম গুৰুত্বপূৰ্ণ ঔদ্যোগিক নগৰীলৈ ৰূপান্তৰিত হৈছিল। হাজাৰ হাজাৰ পৰিয়ালৰ জীৱিকা, স্থানীয় অৰ্থনীতি আৰু অঞ্চলটোৰ সামগ্ৰিক বিকাশৰ সৈতে এই কাৰখানাটোৰ ইতিহাস ওতপ্ৰোতভাৱে জড়িত।

বৰ্তমান ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ কৰ্প’ৰেচন লিমিটেড (BVFCL)ৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক  মোহন ৰাজ শ্বেট্টীৰ তত্ত্বাৱধানত আৰু AVFCCLৰ পৰিচালন সঞ্চালক ড° শিৱপ্ৰসাদ মহান্তিৰ নেতৃত্বত নতুন প্ৰকল্পটোৰ ৰূপায়ণৰ কাম আগবাঢ়ি আছে। এই বৃহৎ প্ৰকল্পটোৱে অত্যাধুনিক প্ৰযুক্তিৰে সজ্জিত নতুন এম’নিয়া-ইউৰিয়া প্লাণ্ট স্থাপনৰ জৰিয়তে দেশৰ সাৰ উৎপাদন ক্ষমতা বৃদ্ধি কৰাৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ কৃষকসকলক অধিক লাভান্বিত কৰাৰ লক্ষ্য গ্ৰহণ কৰিছে।

নতুন প্ৰকল্পটোৰ ৰূপায়ণৰ ক্ষেত্ৰত অসম চৰকাৰ, বিশেষকৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ উদ্যোগ আৰু সহযোগিতা আটাইতকৈ গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে। আনহাতে, নাহৰকটীয়া সমষ্টিৰ বিধায়ক তৰংগ গগৈয়েও এই প্ৰকল্পৰ দ্ৰুত ৰূপায়ণ, স্থানীয় উন্নয়ন আৰু নিয়োগৰ সুযোগ বৃদ্ধিৰ স্বাৰ্থত বিভিন্ন সময়ত বিষয়টো উত্থাপন কৰি আহিছে।

AVFCCLৰ এই নতুন প্ৰকল্প সম্পূৰ্ণ হ’লে আধুনিক, শক্তি-সাশ্ৰয়ী আৰু পৰিৱেশ অনুকূল প্ৰযুক্তিৰে বছৰি বৃহৎ পৰিমাণৰ এম’নিয়া আৰু ইউৰিয়া উৎপাদন সম্ভৱ হ’ব। ইয়াৰ ফলত দেশীয় সাৰ উৎপাদন বৃদ্ধি পোৱাৰ লগতে আমদানিৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস পাব আৰু অসমৰ লগতে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ কৃষকসকলে সময় মতে সাৰৰ যোগান লাভ কৰিব বুলি আশা কৰা হৈছে।

ইয়াৰ উপৰি এই বৃহৎ উদ্যোগে প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে হাজাৰ হাজাৰ যুৱক-যুৱতীৰ বাবে কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰাৰ লগতে পৰিবহণ, নিৰ্মাণ, ক্ষুদ্ৰ উদ্যোগ, ব্যৱসায়-বাণিজ্য আৰু সেৱাখণ্ডতো নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিব।

ঐতিহাসিক ‘নামৰূপ-১’ ইউনিট ভাঙি পেলোৱাটো বহু প্ৰাক্তন কৰ্মচাৰী আৰু নামৰূপবাসীৰ বাবে আৱেগিক মুহূৰ্ত হৈ ৰ’লেও সেই ঠাইতে গঢ় লৈ উঠিবলগীয়া নতুন AVFCCL প্ৰকল্পই এক উন্নত, আধুনিক আৰু আত্মনিৰ্ভৰশীল অসমৰ সপোন বাস্তৱায়িত কৰাৰ দিশত এক যুগান্তকাৰী পদক্ষেপ হিচাপে বিবেচিত হৈছে।

এটা যুগৰ অৱসান ঘটিল, কিন্তু আৰম্ভ হ’ল নতুন সম্ভাৱনা, নতুন উন্নয়ন আৰু নতুন ইতিহাস ৰচনাৰ এক গৌৰৱোজ্জ্বল যাত্ৰা।

You might also like